Monkeypox : মাংকিপক্সত ভাৰতত প্রথম মৃত্যু, কেৰালাত বিদেশৰ পৰা উভতা যুৱকৰ মৃত্যু, আক্রান্ত আৰু তিনি

Monkeypox 1 1

ভাৰতত সম্প্ৰতি আতংকৰ সৃষ্টি কৰিছে মাংকিপক্সে । মাংকি ভাইৰাছত আক্রান্ত হৈ দেশত প্রথম মৃত্যুৰ ঘটনা প্রকাশ্যত আহিল । কেৰালাৰ ত্রিশূৰত মাংকিপক্সত সংক্রমিত হৈ ২২ বছৰ বয়সৰ এজন যুৱকৰ মৃত্যু হৈছে ।

সংবাদ সংস্থা সূত্রে খবৰ, সম্প্রতি সংযুক্ত আৰৱ আমিৰশ্বাহিৰ পৰা উভতিছিল যুৱকজন । জ্বৰ আৰু অন্যান্য উপসর্গ থকাৰ যোৱা ২৭ জুলাইত তেওঁক হাস্পাতালত ভর্তি কৰোৱা হয় । মাংকিপক্সত আক্রান্ত হৈ যুৱকজনৰ মৃত্যু হৈছে নেকি, সেয়া নিশ্চিত কৰিবলৈ নমুনা গৱেষণাগাৰ প্ৰেৰণ কৰা হৈছিল । কেৰালাৰ স্বাস্থ্যমন্ত্রী বীণা গর্গে জনাইছে, বিদেশ ভ্ৰমণত থকাকালীন যুৱকজন মাংকিপক্সত সংক্রমিত হয় ।

‘দ্য নিউজ মিনিট’ক কেৰালাৰ স্বাস্থ্যমন্ত্রীয়ে জনাইছে, যুৱকজনৰ শৰীৰত জ্বলা উঠা নাছিল । ফলত তেওঁৰ যে মাংকিপক্স হৈছে, সেয়া প্রথমাৱস্থাত চিকিৎসকসকলে ধৰিব পৰা নাছিল । যুৱকজনৰ মৃত্যুৰ পাছতেই জানিব পৰা যায় যে, যোৱা ১৯ জুলাইত তেওঁৰ মাংকিপক্সত সংক্রমণৰ প্ৰতিবেদন পজিটিভ আহে ।

ভাৰতত পাঁচজনৰ শৰীৰত মাংকি ভাইৰাছৰ সন্ধান পোৱা গৈছে । যাৰ ভিতৰত চাৰিজনেই কেৰালাৰ বাসিন্দা । ভাইৰাছত সংক্রমিত হোৱা চতুর্থ ব্যক্তিজন দিল্লীৰ বাসিন্দা । তেওঁৰ বিদেশ ভ্ৰমণৰ কোনো ইতিহাস নাই । দেশত প্রথম মাংকিপক্সত আক্রান্ত কেৰালাৰ ব্যক্তিজন সম্পূৰ্ণ সুস্থ হৈছে বুলি জনাইছে ৰাজ্যৰ স্বাস্থ্যমন্ত্রীয়ে ।

Exit mobile version