নদীত পৰিল শওঁপুৰত গৰাখহনীয়া প্ৰতিৰোধৰ কামত নিয়োজিত দুই শ্ৰমিক

কলগাছিয়াৰ শওঁপুৰত গৰাখহনীয়াৰ প্ৰতিৰোধৰ কামত নিয়োজিত দুজন শ্ৰমিক নিশাৰ আন্ধাৰত জিঅ’ বেগৰ লগত নদীত পৰি যায় । কথমপি প্ৰাণ ৰক্ষা হৈছে শ্ৰমিক দুজনৰ । নিশা শ্ৰমিকসকল কামত নিয়োজিত হৈ থাকে যদিও কামৰ ঠাইত প্ৰশাসন আৰু ঠিকাদাৰৰ কোনো মানুহ নথকাৰ অভিযোগ উঠিছে ।

নদীত পানী কম আৰু বতৰ ভাল হৈ থকাৰ সময়ত ঠিকাদাৰে কাম নকৰাৰ কুফল ভুগিছে সাধাৰণ জনতাই । বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰৰ ভুলৰ বাবেই আজি নিজৰ জীৱনক তুচ্ছ কৰি দিনে-নিশাই কাম কৰিবলগীয়া হৈছে শ্ৰমিকসকলে ।

Exit mobile version