বানপিড়ীতৰ সাহায্যৰে স্বজন-তোষন

গাঁওবুঢ়া আৰু পঞ্চায়ত সদস্যাৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ 

দূৰ্নীতিৰ বিৰুদ্ধে ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ কঠোৰ হৈ আহিছে যদিও দূৰ্নীতি কৰা জনে দূৰ্নীতি কৰিয়েই গৈছে । এইবাৰ বৰপেটা জিলাৰ ভৱানীপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত কুমিল্লাপাৰা গাঁওপঞ্চায়তৰ গৰেমাৰী গাঁৱত বানপানীৰ সময়ত শিৱিৰ পাতি থকা লোকক বান সাহায্যৰ পৰা বঞ্চিত কৰি ব্যাপক দূৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ।

বানপানীত বিপদগ্ৰস্ত হৈ শিৱিৰ পাতি থকা লোকক চৰকাৰে প্ৰদান কৰা এককালীন আৰ্থিক সাহায্যৰ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি পঞ্চায়ত সদস্যা ফুল খাতুন আৰু গাওঁবুঢ়া বুলবুল হুছেইনে স্বজন-তোষন নীতিৰে শিৱিৰত নথকা আৰ্থিকভাৱে টনকিয়াল লোকক সাহায্য প্ৰদানৰ অভিযোগ উঠিছে । যাৰ বিৰুদ্ধে বঞ্চিতসকলে ৰাজ পথত ওলাই গাওঁবুঢ়া বুলবুল হুছেইন আৰু পঞ্চয়তৰ সদস্যা ফুল খাতুনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

চৰকাৰে তদন্ত সাপেক্ষে পঞ্চায়তৰ সদস্যা ফুল খাতুন আৰু গাওঁবুঢ়া বুলবুল হুছেইনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰি প্ৰকৃত হিতাধিকাৰীক সাহায্য প্ৰদানৰ দাবী জনাইছে । গাওঁবুঢ়া আৰু পঞ্চয়তৰ সদস্যাই প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি স্বজন-তোষন নীতিৰ বিৰুদ্ধে সচেতন মহলত নেতিবাচক প্ৰভাৱ পৰিছে ।

Exit mobile version