COVID-19 : ক’ভিড আপডেট

0.64708800 1655309418 0

দেশজুৰি কৰ’নাৰ দৈনিক সংক্রমিতৰ সংখ্যা বিগত সপ্তাহত ২০ হেজাৰ অতিক্ৰম কৰিলেও পাঁচ দিন ধৰি এই সংখ্যা কমিব লৈছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত দৈনিক আক্রান্তৰ সংখ্যা কমি হ’ল ১৩,৭৩৪ । সোমবাৰে এই সংখ্যা আছিল ১৬,৪৬৪ ।

দেশত দৈনিক সংক্রমণৰ ৰাজ্যভিত্তিক তালিকাৰ শীর্ষত আছে তামিলনাডু । বিগত ২৪ ঘণ্টাত তামিলনাডুত দৈনিক আক্রান্তৰ সংখ্যা ১,৩৫৯ । ইয়াৰ পাছতে আছে কেৰালা (১,৩২১), কর্নাটক (১,২৮৭) হিমাচল প্রদেশ (৮৫৯), মহাৰাষ্ট্র (৮৩০) আৰু দিল্লী (৮২২) ।

পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ ৩.৩৪ শতাংশ হাৰত বৃদ্ধি হৈছে । সোমবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ৬.০১ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ১৭,৮৯৭ জন সুস্থ হৈছে । দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩৩ লাখ ৮৩ হেজাৰ ৭৮৭ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৪৯ শতাংশ । এই পর্যন্ত দেশত ২০৪ কোটি ৬০ লাখ ৮১ হেজাৰ ৮১ টিকাকৰণ হৈছে ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, গত ২৪ ঘণ্টায় কোভিডে আক্রান্ত হৈ মৃত্যু হৈছে ৩৪ জনৰ । ইয়াৰ ভিতৰত কেৰালা আৰু পশ্চিমবংগত মৃতৰ সংখ্যা সর্বোচ্চ । বিগত ২৪ ঘণ্টাত কেৰালাত সাতজন আৰু পশ্চিমবংগত ছজন ব্যক্তি ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে । তদুপৰি হিমাচল প্রদেশত তিনিজন, দিল্লী, কর্নাটক, পঞ্জাৱ আৰু গোৱাত দুজন লোকৰ মৃত্যু হৈছে ।

মহাৰাষ্ট্র, ওড়িছা, গুজৰাট, ছত্তীছগঢ়, হাৰিয়ানা, উত্তৰাখণ্ড, পুদুচেৰী আৰু জম্মু আৰু কাশ্মীৰত ক’ভিডত আক্রান্ত হৈ এজনকৈ লোকৰ মৃত্যু হৈছে । সোমবাৰে এই সংখ্যা আছিল ৩৯ । পৰিসংখ্যা অনুযায়ী, ক’ভিডত আক্রান্ত হৈ ভাৰতত মৃতৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৮ হেজাৰ ৯৯৩ ।

Exit mobile version