Nansi Pelosi : আমেৰিকাৰ অধ্যক্ষৰ তাইৱান ভ্ৰমণৰ দিনাই আল কায়দা-প্রধান নিহত হোৱাৰ খবৰ প্রকাশ্যত

ayman al zawahiri al qaeda 0e1e321a a3da 11e9 88eb 6879d27b9db7 1659391139752 1659391139752

২৫ বছৰ পাছত মঙলবাৰে তাইৱান ভ্ৰমণত আহিছে আমেৰিকাৰ কোনো অধ্যক্ষ । সেই দিনাই মার্কিন ড্র’নেৰে নিক্ষিপ্ত ক্ষেপণাস্ত্রৰ আঘাতত ছিন্নভিন্ন হৈ গ’ল আল কায়দা প্রধান আল জৱাহিৰিৰ দেহ ! চীনৰ সকীয়নিক কার্যত অগ্রাহ্য কৰি তাইৱানৰ ৰাজধানী চহৰ তাইপেইত অৱতৰণ কৰিব হাউছ অৱ ৰিপ্রেজেন্টেটিভ-ৰ অধ্যক্ষ ন্যেন্সি পেল’ছিৰ বিমান ।

পেন্টাগনৰ তৰফৰ পৰা চৰকাৰীভাৰে জনোৱা হৈছিল যদিও শুনা যায় যে, এছিয়া ভ্ৰমণত জাপান, ছিংগাপুৰৰ স’তে তাইৱানকো স্পৰ্শ কৰি যাব বিছাৰিছে মার্কিন প্রশাসনৰ তৃতীয় গুৰুত্বপূর্ণ এই ব্যক্তিয়ে । জল্পনাক সত্য প্ৰমাণিত কৰি পেল’ছিয়ে তাইৱান যোৱা দিনাখনেই, চৰকাৰীভাৱে জানিব পৰা গ’ল যে, খাছ কাবুলত নিহত হৈছে জৱাহিৰি । যদিও দেওবাৰে ভাৰতীয় সময় অনুযায়ী পুৱা সাত বাজি ১৮ মিনিটত এই আক্ৰমণ সংঘটিত কৰা হয় ।

আফগানিস্তান প্রশাসন সূত্রে খবৰ, সেই দেশৰ অভ্যন্তৰীণ মন্ত্রী ছিৰাজুদ্দিন হক্কানিৰ চৰকাৰী বাসভৱনত আছিল জৱাহিৰি । দেওবাৰে পুৱা এই বাসগৃহতেই আমেৰিকান ড্র’নৰে ক্ষেপণাস্ত্র নিক্ষেপ কৰা হয় । মুহূর্তৰ ভিতৰতে ছিন্নভিন্ন হৈ যায় আল কায়দা প্রধানৰ দেহ । জৱাহিৰিৰ অৱস্থানক লৈ পূৰ্বে দিল্লীক হক্কানিয়ে জনাইছিল, আল কায়দা-প্রধান ইৰানত আছে । কিন্তু আমেৰিকাৰ চোৰাংচোৱা বিভাগে যে তেওঁৰ গতিবিধিৰ ওপৰত দৃষ্টি ৰাখিছিল, এই আকস্মিক আক্ৰমণ তাৰেই প্রমাণ ।

জ’ বাইডেনৰ প্রশাসনে এই আক্ৰমণৰ দ্বাৰা এইটোও প্রমাণ কৰি দিলে যে, মধ্য আৰু দক্ষিণ-পূৱ এছিয়াৰ যিকোনো দেশত, যিকোনো লক্ষ্যবস্তুতে নিখুতভাৱে আক্ৰমণ কৰিবলৈ সক্ষম তেওঁলোক । ২০২১-ৰ ১৫ আগষ্টত তালিবানে আফগানিস্তান দখল কৰাৰ পাছৰ পৰাই ক্রমশ শক্তিবৃদ্ধি কৰি আছে সন্ত্ৰাসগোষ্ঠী আল কায়দাই ।

প্রসংগত, তাইৱান ভ্ৰমণক লৈ চীন-আমেৰিকাৰ শীতল যুদ্ধ আৰম্ভ হৈছে । চীনৰ চৰকাৰী মুখপাত্র‌ই জনাইছে, তাইৱান প্রশ্নত ‘অতিসক্রিয়তা’ দেখালে চীনৰ সেনাবাহিনী নিষ্ক্রিয়ভাৱে বহি নাথাকিব । চীনে তাইৱানক নিজৰ অবিচ্ছেদ্য অংশ বুলি ভাবিলেও, আমেৰিকাই তাইৱানক ‘স্বতন্ত্র ৰাষ্ট্র’ হিচাপে মানি আহিছে । এই পৰিপ্রেক্ষিতত আমেৰিকাৰ ড্র’ন আক্ৰমণত জৱাহিৰিৰ মৃত্যুৱে চীনক চাপত ৰাখিব বুলি ধাৰণা কৰিছে অভিজ্ঞ মহলে ।

Exit mobile version