বেঁকী নদীৰ গৰাখহনীয়াৰ কবলত দক্ষিণ বলাই পথাৰ প্ৰাথমিক বিদ্যালয়

বেঁকী নদীৰ তীব্ৰ গৰাখহনীয়াৰ কবলত পৰিছে কলগাছিয়াৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত দক্ষিণ বলাই পথাৰ প্ৰাথমিক বিদ্যালয় ৷ বেঁকী নদীৰ গৰাখহনীয়াত বিদ্যালয়খনৰ শৌচাগাৰ, প্ৰেচাৱগাৰ ইতিমধ্য নদীৰ বুকুত জাহ গৈছে ৷ বিদ্যালয়খনৰ গৃহৰ চালি, বেৰ, ডেস্ক-বেঞ্চ, আচবাব আদি খুলি স্থানান্তৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰধান শিক্ষকে ৷

স্থানীয় ৰাইজৰ পৰামৰ্শ সাপেক্ষে বিদ্যালয়খন স্থানান্তৰ কৰি পাঠদান চলাই যাব বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷ বিদ্যালয়ৰ দুৰৱস্থাৰ বিষয় বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰা হৈছে বুলি জনায় বিদ্যালয়খনৰ শিক্ষকে ৷

দক্ষিণ বলাই পথাৰ প্ৰাথমিক বিদ্যালয়খন বেঁকী নদীৰ গৰাখহনীয়াৰ কবলত পৰাৰ ফলত ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ ক্ষেত্ৰত ব্যাঘাত জন্মিছে । যাক লৈ সম্প্ৰতি আহুকালত পৰিছে অভিভাৱক ৰাইজে ।

সাংসদ, বিধায়কৰ লগতে কোনো কোনো এগৰাকী জনপ্ৰতিনিধিয়ে বৰ্তমান পৰ্যন্ত কোনো খবৰ নোলোৱাৰ বাবে দুখ প্ৰকাশ কৰিছে ৰাইজে ৷ শীঘ্ৰে চৰকাৰক বিহীত ব্যৱস্থা গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীক পঢ়াৰ সুব্যৱস্থা কৰি দিয়াৰ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

Exit mobile version