Lumpy Virus : ভয়ংকৰ লাম্পি ভাইৰাছ ! চাৰি হেজাৰৰো অধিক গোধনৰ মৃত্যু ৰাজস্থানত

f23a1807628de0dc434ab954b29ba7e01659178515 original

কৰ’না ভাইৰাছ, মাংকিপক্সৰ আক্ৰমণত বিধ্বস্ত দেশ । এই পৰিস্থিতিতে এইবাৰ লাম্পি ভাইৰাছক লৈ উদ্বেগ বাঢ়িছে । অৱশ্যে এই ভাইৰাছত সংক্রমিত হৈছে গোধন । এই ধৰণৰ চর্মৰোগৰ প্রকোপ পৰিলক্ষিত হৈছে গোধনৰ মাজত । লাম্পি চর্মৰোগত আক্রান্ত হৈ চাৰি হেজাৰৰো অধিক গৰুৰ মৃত্যু হৈছে ৰাজস্থানত ।

তথ্য অনুসৰি, এইটো এক প্ৰকাৰৰ ভাইৰেল সংক্রমণ । ৰাজস্থানৰ ১৬খন জিলাত এই সংক্রমণ বিয়পি পৰিছে । এই পর্যন্ত এই ৰোগত সংক্রমিত হৈছে প্রায় ৯৪ হেজাৰ গোধন । প্রায় ৭০ হেজাৰ গৰুৰ চিকিৎসা চলিছে । যদিও এই ভাইৰাছত ঘাইকৈ আক্ৰান্ত গুজৰাটত । ৰাজস্থানতো এই সংক্রমণ বিয়পিছে ।

অন্য ৰাজ্যৰ পৰা যাতে গৰু প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে তৎপৰ হৈছে চৰকাৰ । এই ধৰণৰ সংক্রমণ প্ৰদূষিত পানীৰ পৰা মহ-মাখিৰ দ্বাৰা সংক্ৰমিত হয় বুলি জানিব পৰা গৈছে । এই ধৰণৰ সংক্রমণত মৃত্যুৰ হাৰ ১.৫ শতাংশ ।

ৰাজস্থান চৰকাৰ সূত্রে খবৰ, গংগানগৰ, বাৰমেৰ, জোধপুৰ, জালোৰ, বিকানেৰ— এই পাঁচ জিলাত সৰ্বাধিক মৃত্যু হৈছে । জয়ছলমীৰ, পালি, ছিৰোহি, চুৰু, হনুমানগড়, অজমেৰ, জয়পুৰ, উদয়পুৰতো সংক্রমণ বিয়পি পৰিছে ।

মুখ্যসচিব ঊষা শর্মাই জনাইছে, আজমেৰ, বিকানেৰ, জোধপুৰ কাৰ্যালয়বোৰত বিভাগীয় স্তৰত আঠৰ পৰা ১২ লাখ টকাৰ বাজেট আবণ্টন কৰা হৈছে । ঔষধ কিনাসহ আপৎকালীন পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বাকী জেলাসমূহত দুইৰ পৰা আঠ লাখ টকা দিয়া হৈছে । সংক্রমিত গোধনবোৰক বিচ্ছিন্নভাৱে ৰখাৰ নির্দেশ দিয়া হৈছে ।

Exit mobile version