মহানগৰীৰ কে’বাখনো পাৰ্লাৰত গুৱাহাটী পৌৰনিগমৰ অভিযান, আপত্তিজনক সামগ্ৰী জব্দ

WhatsApp Image 2022 08 05 at 5.57.31 PM

মহানগৰীৰ মাজমজিয়াৰ কে’বাখনো পাৰ্লাৰত গুৱাহাটী পৌৰনিগমে অভিযান চলাই বহু অপত্তিজনক সামগ্ৰী জব্দ কৰে । শুকুৰবাৰে পুৱা পৌৰনিগমৰ এই অভিযানত সহায় কৰে পল্টনবজাৰ আৰক্ষী থানাই । গুৱাহাটীৰ উলুবাৰী বৰাছাৰ্ভিচৰ উমা-অভয়া কপ্লেক্সৰ তৃতীয় মহলাত থকা (Uma- Abhaya Complex Ulubari Boraservice, G.S.Road)
Waves@Joean Parlor Spa Saloonত শুকুৰবাৰে পৌৰনিগমৰ বিষয়ববীয়াই অভিযান চলায় ।

পাৰ্লাৰখনত বহুদিন ধৰি অনৈতিক কাৰ্যকলাপ চলি থকাৰ অভিযোগ উত্থাপিত হৈছে । জিএমচিৰ নিয়ম উলংঘা কৰি, পুৰুষক, যুৱতীৰ দ্বাৰা স্পা দিয়াৰ কথা নিজ মুখে সকলোৰে সন্মুখত (সাংবাদিকৰ, জি এম চিৰ আগত) স্বীকাৰ কৰে পালৰৰ স্বত্বাধিকাৰী বাণীপ্ৰকাশ দাসে ।

উল্লেখযোগ্য যে, যোৱা নিশা অনৈতিকভাৱে মহিলাই পুৰুষক ব’ডী মাচাজ দিয়াক কেন্দ্ৰ কৰি, হতাহতি হোৱাৰ লগতে, পাৰ্লাৰৰ পৰা আহি, ৰাস্তাত গালি-গালাজ কৰাৰ অভিযোগ তোলে স্থানীয় ৰাইজে । তদুপৰি, পাৰ্লাৰখনত প্ৰায়ে, অবৈধ কাৰ্যকলাপ চলি অহাৰ লগতে, মাজ নিশালৈ (১০/১১ বজালৈ) মদৰ বেহা চলাৰ লগতে, উমা-অভয়া কমপ্লেক্সৰ তলত মদ খাই যুৱতী-মহিলাক অশালীন আচৰণ কৰাৰ অভিযোগ তোলে ৰাইজে ।

অন্যহাতে, ৰাইজৰ অভিযোগ অনুসৰি মহানগৰীৰ লাচিত নগৰৰ দুখনকৈ স্পাত গুৱাহাটী পৌৰনিগমে অভিযান চলায় । এই সকলো পাৰ্লাৰত অপত্তিজনক সামগ্ৰী (condom) জব্দ কৰা হয় ।

Exit mobile version