ৰাজ্যত ভুৱা ফোনকলেৰে চাইবাৰ অপৰাধীৰ লুণ্ঠনৰ জাল

শালবাৰী মহকুমা আৰক্ষীৰ জালত ঝাৰখণ্ডৰ তিনি চাইবাৰ অপৰাধী

WhatsApp Image 2022 08 05 at 6.27.58 PM

আপোনাৰ মোবাইল ফোনটোলৈ কেতিয়াবা আহে নেকি বেংকৰ বিষয়া, গেছ চিলিণ্ডাৰ সংযোগৰ মানুহ তথা বিদ্যুৎ বিভাগৰ লোক বুলি পৰিচয় দিয়া কোনো ব্যক্তিৰ ফোন ৷ যদি আহে আপুনি সতৰ্ক হ‌ওক ৷ অসমৰ বিভিন্ন প্ৰান্ত এতিয়া ছানি ধৰিছে চাইবাৰ অপৰাধীয়ে ৷ তেনে এটা ঘটনা সংঘটিত হ’ল বাগ্‌সাৰ শালবাৰীৰ শিমলাত ৷ তাৰ পাছতেই শালবাৰীৰ শিমলা আৰক্ষীৰ জালত পৰিল বহিঃৰাজ্য ঝাৰখণ্ডৰ চাইবাৰ অপৰাধীৰ এটা গেং ৷

নিজকে বেংকৰ বিষয়া বুলি পৰিচয় দি ভুৱা ফোনকলেৰে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বিভিন্ন উপভোক্তাৰ একাউণ্টৰ পৰা ধন লুট কৰি আহিছিল এই গেংটোৱে ৷ শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত শিমলা থানাৰ আৰক্ষী বিষয়া অভিজিত গগৈৰ লগত আৰক্ষীৰ এটা দলে অভিযান চলাই ঝাৰখণ্ড আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰা এই তিনি অপৰাধী হ’ল ঝাৰখণ্ডৰ জামতাৰা জিলাৰ ছিটাকাটা গাঁৱৰ অভিষেক দাস, অপ্পু কুমাৰ দাস আৰু নন্দন দাস ৷

উল্লেখযোগ্য যে শিমলাৰ বিৰফুং গয়াৰী নামৰ ব্যক্তি এজনৰ পৰা কেইদিনমান পূৰ্বে এই গেংটোৱে ভুৱা ফোনকলেৰে এছবিআই য়’ন’ (SBI YONO) সক্ৰিয় কৰি দিয়াৰ কথা কৈ বিশেষ কায়দাৰে তথ্য সংগ্ৰহ কৰি সৰকাইছিল ২২ হেজাৰ পাঁচশ টকা ৷ ইয়াৰ পাছতে ব্যক্তিজনে শিমলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল আৰু তেওঁৰ এজাহাৰৰ ভিত্তিতে শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যই তাৎক্ষণিকভাৱে তদন্ত আৰম্ভ কৰি অৱশেষত ঝাৰখণ্ড আৰক্ষীৰ সহযোগত জামতাৰা জিলাৰ ছিটাকাটা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে তিনিওটা অপৰাধীকে ৷

কালি ঝাৰখণ্ডৰ পৰা শিমলা থানালৈ অনা হয় ধৃত তিনি অপৰাধীক ৷ এই তিনি অপৰাধীয়ে অসমৰ বিভিন্ন জিলাৰ ভিন্ন ব্যক্তিৰ পৰা ইতিমধ্যে বহু টকা সৰকাইছিল বুলি জনাইছে আৰক্ষীয়ে ৷ শিমলা আৰক্ষীৰ জিম্মাত থকা এই তিনি অপৰাধীক আজি আদালতত হাজিৰ কৰি পুনৰ আৰক্ষীয়ে জিম্মাত বিচাৰিব বুলি জনাইছে ৷ আনহাতে, ৰাইজক এনে ভুৱা ফোনকলৰ পৰা সজাগ হৈ থাকিবলৈ আৰক্ষীয়ে আহ্বান জনোৱাৰ লগতে কোনো ব্যক্তি এনে ঘটনাৰ বলি হ’লে তাৎক্ষণিকভাৱে আৰক্ষীক অৱগত কৰিবলৈকো আহ্বান জনাইছে ৷

Exit mobile version