৭৬ সংখ্যক স্বাধীনতা দিৱসত আলফা (স্বা)ৰ সৰ্বাত্মক বন্ধ ঘোষণা

1200px Flag of United Liberation Front of Asom.svg

ভাৰতৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস সমাগত । ইতিমধ্যে স্বাধীনতা দিৱসৰ স’তে সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে একাধিক কাৰ্যসূচী গ্ৰহণ কৰিছে । স্বাধীনতা দিৱস উপলক্ষে অহা ১৩, ১৪ আৰু ১৫ আগষ্ট তাৰিখে সমগ্ৰ দেশবাসীকে ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰিবৰ বাবে আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই “হৰ ঘৰ ত্ৰিৰংগা” কাৰ্যসূচী ৰূপায়ন কৰিবৰ বাবে কেন্দ্ৰ‌ই বিভিন্ন স্থানত ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি কৰিছে ।

কিন্তু ইয়াৰ বিপৰীতে পুনৰ সক্ৰিয় হৈ পৰিছে ৰাজ্যৰ বিভিন্ন নিষিদ্ধ উগ্ৰপন্থী সংগঠনসমূহ । নিষিদ্ধ উগ্ৰপন্থী সংগঠন, সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)এ অহা ১৫ আগষ্ট, স্বাধীনতা দিৱসৰ দিনা নিশা ১২ বজাৰ পৰা সন্ধিয়া ছয় বজালৈ সৰ্বাত্মক বন্ধ ঘোষণা কৰিছে । অৱশ্যে এই সময়ছোৱাত জৰুৰীকালীন বিভাগবোৰ, সংবাদ মাধ্যম আৰু ধৰ্মীয় কাম-কাজত কোনো বাধা নিষেধ আৰোপ কৰা নাই ।

চৰকাৰৰ স’তে আলোচনা প্ৰক্ৰিয়া চলি থকা বুলি প্ৰকাশ পোৱাৰ সময়তে এনে বন্ধৰ আহ্বানে এই সমগ্ৰ প্ৰক্ৰিয়াটোক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিলে ।

Exit mobile version