বিদ্যালয়ৰ পৰীক্ষাত পঞ্জাৱৰ ভাকৰা নাঙল প্রকল্প সম্পর্কে ব্যাখ্যামূলক উত্তৰ লিখিবলৈ কোৱা হৈছিল । এজন ছাত্রই এই প্রকল্পক যি দৰে ব্যাখ্যা কৰিছে, সেয়া দেখি শিক্ষকৰ মুৰ্চা যোৱাৰ দৰে অৱস্থা ।
উত্তৰৰ আৰম্ভণিতে দুই-তিনি শাৰী ভাকৰা নাঙল সম্পর্কে লিখিছিল ছাত্ৰজনে । ইয়াৰ পাছৰখিনি বিস্তাৰিত ব্যাখ্যা কৰি যি লিখিছিল সেই উত্তৰ ঠিক এনে ধৰণৰ —
‘শতদ্রু নদীৰ ওপৰত ভাকৰা নাঙল বান্ধ । শতদ্রু নদী পঞ্জাৱত । পঞ্জাৱ চর্দাৰসকলৰ দেশ । চর্দাৰ পেটেলো এজন চর্দাৰ আছিল । তেওঁক ভাৰতৰ লৌহপুৰুষ কোৱা হয় । লোহা প্ৰস্তুত হয় টাটাত । অৱশ্যে হাতৰে টা টা কৰা হয় । আৰু আইনৰ হাত বহুত দীঘল । পণ্ডিত জৱাহৰলাল নেহৰুৱে আইন জানিছিল । তেওঁক শিশুসকলে ‘চাচা নেহৰু’ নামে মাতিছিল । চাচা নেহৰুৱে গোলাপ ভাল পাইছিল । গোলাপ তিনি ধৰণৰ হয় । খোৱা চৰবত, খেলিবৰ বাবে আৰু গুলাবৰী । গুলাবৰী অতি মিঠা । মিঠাতো চেনিও । চেনি পৰুৱাৰ অতি প্ৰিয় খাদ্য ।
হাতীয়ে পৰুৱা ভাল নাপায় । লণ্ডনৰ হাতী বিখ্যাত । লণ্ডন জার্মানীৰ নিচেই কাষত । আৰু জার্মানীত বাৰ বিখ্যাত । বাৰ আঠ ধৰণৰ— সোম, মঙল, বুধ, বৃহস্পতি, শুকুৰ, শনি, দেও আৰু ৱর্ল্ড ৱাৰ । ৱৰ্ল্ড ৱাৰ অতি ভয়ংকৰ । ভয়ংকৰতো সিংহও ! সিংহৰো মন আছে । সেই মন অতি চঞ্চল । চঞ্চল মোৰ পাছত বহে । মধুবালাৰ সৰু ভণ্টি চঞ্চল । শক্তি ছবিত অভিনয় কৰিছে মধুবালাই । শক্তি আমাৰ মুঠিত । পঞ্জাৱীসকলৰ সৰু সৰু কাজিয়াত মুঠি মাৰি মাৰাৰ চখ আছে । পঞ্জাৱীসকল পঞ্জাৱত থাকে । আৰু পঞ্জাৱত ভাকৰা নাঙল বান্ধ আছে ।’
ছাত্রই লিখা আৰম্ভ কৰিছিল ভাকৰা নাঙল বান্ধ সন্দৰ্ভত । মাজত চর্দাৰ বল্লভভাই পটেল, জৱাহৰলাল নেহৰুৰ পৰা আৰম্ভ কৰি হাতী, সিংহ, মিঠা, মধুবালা, ৱর্ল্ড ৱাৰ গোটেইখিনি সাঙুৰি শেষত পুনৰ ভাকৰা নাঙলতেই ঘূৰি আহিছে সি । পৰীক্ষাত নম্বৰ আছিল ১০ । তাত শিক্ষকে দিছে শূন্য । আৰু সেই নম্বৰৰ পাছত শিক্ষকেও কৌতুকৰ চলেৰে লিখিছেন, ‘শিক্ষক ক’মাত গুচি গ’ল !’
অৱশ্যে এই বিদ্যালয় ক’ৰ, সেয়া জানিব পৰা নাই ।