COVID-19 : ক’ভিড আপডেট 

20201212205L

দেশজুৰি কৰ’নাৰ দৈনিক সংক্রমণৰ লেখচিত্র বিগত তিনি দিন ধৰি ঊর্ধ্বমুখী হ’লেও বিগত ২৪ ঘণ্টাত সামান্য কমিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত দৈনিক আক্রান্তৰ সংখ্যা ১৯,৪০৬ । শুকুৰবাৰে এই সংখ্যা আছিল ২০,৫৫১ । দেশত দৈনিক সংক্রমণৰ ৰাজ্যভিত্তিক তালিকাত শীর্ষত ৰাজধানী । বিগত ছয় মাহত দিল্লীত দৈনিক আক্রান্তৰ সংখ্যা সর্বোচ্চ ।

যোৱা ২৪ ঘণ্টাত দিল্লীত দৈনিক সংক্রমিতৰ সংখ্যা ২,৪১৯ । কর্নাটক আৰু মহাৰাষ্ট্রত দৈনিক সংক্রমিতৰ সংখ্যা দুহেজাৰ অতিক্ৰম কৰিছে । বিগত ২৪ ঘণ্টাত কর্নাটক আৰু মহাৰাষ্ট্রত দৈনিক আক্রান্তৰ সংখ্যা যথাক্রমে ২,০৪২ আৰু ২,০২৪ । ক’ভিড বুলেটিন অনুযায়ী, ইয়াৰ পাছতে আছে কেৰালা (১,৩০৩), তামিলনাডু (১,১৪১) আৰু হাৰিয়ানা (১,০৫৫) । লক্ষদ্বীপত সম্প্ৰতি ক’ভিডত দৈনিক আক্রান্তৰ সংখ্যা শূন্য ।

Exit mobile version