Vice President Election 2022 : ভাৰতৰ নতুন উপৰাষ্ট্রপতি ধনখড়, আলভাক পৰাজিত কৰি বৃহৎ ব্যৱধানত জয়ী বাংলাৰ প্রাক্তন ৰাজ্যপাল

1659796927 dhanku

দেশৰ নতুন উপৰাষ্ট্রপতি নির্বাচিত হ’ল জগদীপ ধনখড় । প্রতিপক্ষ মার্গাৰেট আলভাক বৃহৎ ব্যৱধানত পৰাজিত কৰিলে বাংলাৰ প্রাক্তন ৰাজ্যপালে ।

উপৰাষ্ট্রপতি হ’বৰ বাবে প্রয়োজন আছিল ৩৭১টা ভোটৰ । পশ্চিমবংগৰ প্রাক্তন ৰাজ্যপাল ধনখড়ে পাইছে ৫২৮টা ভোট । মুঠ ভোটৰ ৭০ শতাংশ । ভোটৰ নিৰিখত বিদায়ী উপৰাষ্ট্রপতি এম বেংকইয়া নাইডুকো তেওঁ পিছ পেলাইছে । তেওঁতকৈ প্রায় দুই শতাংশ বেছি ভোট পাইছে ধনখড়ে ।

৭৮০ জন সাংসদৰ উপৰাষ্ট্রপতি নির্বাচনত ভোট দিয়াৰ কথা । লোকসভাৰ ৫৪৩ আৰু ৰাজ্যসভাৰ ২৪৫ জন সাংসদ । সম্প্ৰতি ৰাজ্যসভাত আঠটা আসন খালি আছে । ভোটদানৰ পৰা বিৰত আছে তৃণমূলৰ ৩৪ জন সাংসদ । দলৰ নিষেধাজ্ঞা অগ্রাহ্য কৰি ভোট দিছে শিশিৰ অধিকাৰী আৰু দিব্যেন্দু অধিকাৰীয়ে । তথ্য অনুসৰি, ৭২৫ জন সাংসদে শনিবাৰে জগদীপ আৰু মার্গাৰেটৰ ভাগ্য নির্ধাৰণ কৰিছে ।

এনডিএ-ৰ সাংসদৰ সংখ্যা ৪৪১ । ইয়াৰ ভিতৰত বিজেপিৰ সাংসদ ৩৯৪ জন । পাঁচজন মনোনীত সাংসদেও ধনখড়ক সমর্থনৰ কথা কৈছে । বিৰোধী প্রার্থী মার্গাৰেটক নিৰ্বাচনত সমর্থন জনাইছে কংগ্রেছ, এমকে ষ্টেলিনৰ ডিএমকে, লালুপ্রসাদ যাদৱৰ ৰাষ্ট্রীয় জনতা দল, শৰদ পৱাৰৰ নেছনেলিষ্ট কংগ্রেছ পার্টি, অখিলেশ যাদৱৰ সমাজবাদী পার্টি, ঝাড়খণ্ড মুক্তি মোর্চা, কেজৰীৱালৰ আম আদমি পার্টি আৰু বাওঁপন্থীসকল ।

শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোষ্ঠীৰ নজন সাংসদেও সমর্থন জনাইছে মার্গাৰেটক । বিৰোধী সাংসদসকলৰ ২০০টা ভোট তেওঁ লাভ কৰিছে ।

Exit mobile version