আশ্ৰয়দাতাই আশ্ৰয় ল’ব ক’ত ?

প্ৰাঞ্জলসেন ডেকা

O 17

সংসদ অথবা চৰকাৰৰ দৰে সংবাদ মাধ্যমৰ প্ৰতি আস্থা হ্ৰাস পোৱাৰ সময়ত শেষ আশ্ৰয় বিচাৰি ন্যায়পালিকাৰ দ্বাৰস্থ হৈছে ভুক্তভোগী ৰাইজ । বিধানমণ্ডল আৰু কাৰ্যপালিকাই যে দেশত সততে ন্যস্তস্বাৰ্থহে পূৰণ কৰি আহিছে সি দিনৰ পোহৰৰ দৰে সত্য হৈ পৰিছে । একেদৰেই সম্প্ৰতি সংবাদ মাধ্যমো যে গণতান্ত্ৰিক পৰম্পৰাত নিজৰ লক্ষ্য আৰু উদ্দেশ্যৰ পৰা আঁতৰি আহি বিশেষ স্বাৰ্থজড়িত প্ৰচাৰৰ আহিলাত পৰিণত হৈছে, তাক আৰু অস্বীকাৰ কৰাৰ উপায় নাই । গতিকে শোষিত-বঞ্চিত-নিপীড়িতৰ বাবে ন্যায়পালিকাই একমাত্ৰ আশাৰ থলী হৈ পৰিছে । এনে আস্থাই এশ এবুৰি প্ৰত্যাহ্বানৰ মাজতো আমাৰ গণতন্ত্ৰক সক্ৰিয় কৰি ৰাখিছে ।

ৰাইজৰ হৈ ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ বাবে ঘোষিত গণতন্ত্ৰ কেইজনমান ক্ষমতাশালী লোকৰ দ্বাৰাহে পৰিচালিত হৈছে । কোনোবাই এই ক্ষেত্ৰত বিজেপিক, আন কোনোবাই কংগ্ৰেছক অথবা আন কোনো দলক আঙুলিয়াব পাৰে; কিন্তু ফৰ্মূলা সকলোতে একেই । কেৱল সমুখৰ মুখাখনহে ভিন ভিন । ইয়াত জনগণ অৰ্থাৎ ৰাইজৰ দৰাচলতে কোনো ভূমিকা নাই । জনতা ক্ৰমশঃ ৰিম’ট কণ্ট্ৰ’লড্‌ পুতলাত পৰিণত হৈছে । আঁতৰৰ পৰা মুষ্টিমেয় চক্ৰই চাবি পকাই ইয়াক চলাই আছে । কোনটো পুতলাই কেতিয়া কোন দিশে ঘূৰিব তাক চাবি দিয়াজনেহে নিৰ্ধাৰণ কৰি দিয়ে । বিধানমণ্ডল আৰু কাৰ্যপালিকাই ইটো আনটোৰ পৰিপূৰকৰূপে অৱতীৰ্ণ হৈছে– নিজ নিজ স্বাৰ্থ পূৰণৰ উদ্দেশ্যে । এই দুটা স্তম্ভৰ এনে সন্ধিয়ে গণতন্ত্ৰক ক্ৰমশঃ ভাওনালৈ ৰূপান্তৰিত কৰিছে । এনে পৰিপ্ৰেক্ষিতত ন্যায়পালিকাৰ ওপৰত অপৰিসীম দায়িত্ব আহি পৰিছে । তাৰ লগে লগে ন্যায়পালিকাৰ অৱস্থানক লৈও বিভিন্ন প্ৰশ্ন আৰু সংশয়ৰ সৃষ্টি হৈছে । এনে পৰিৱৰ্তিত পৰিস্থিতিত আমাৰ ন্যায়পালিকাৰ স্বাস্থ্যক লৈও পৰ্যালোচনাৰ প্ৰয়োজনীয়তা আহি পৰিছে ।

ভাৰতৰ ন্যায়পালিকাই সাধাৰণতে সন্মানজনক স্থানেই অধিকাৰ কৰি আহিছে যদিও বিভিন্ন সময়ত বিতৰ্কৰ সন্মুখীন নোহোৱাকৈ থকা নাই । ফলস্বৰূপে বহু সময়ত সমালোচনাৰো পাত্ৰ হ’বলগীয়া হৈছে । কেৱল বাহিৰৰ পৰাই নহয়, আনকি আইনী সম্প্ৰদায়ৰ পৰাই অসন্তুষ্টিৰ প্ৰকাশ ঘটিছে । দেশৰ বহু অধিবক্তা, আইনজ্ঞৰ লগতে অৱসৰপ্ৰাপ্ত ন্যায়াধীশেও নাগৰিকৰ অধিকাৰৰ সুৰক্ষা আৰু আইন প্ৰয়োগৰ ক্ষেত্ৰত ন্যায়পালিকা ব্যৰ্থ হোৱা বুলি সমালোচনা কৰা পৰিলক্ষিত হৈছে । এনে সমালোচকসকলৰ মতে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকলাপত নিয়ন্ত্ৰণ আৰু সন্তুলন ৰক্ষা নিশ্চিত কৰিব পৰা নাই । চৰকাৰক অসুবিধাত পেলাব পৰা অথবা চৰকাৰৰ ইচ্ছাৰ বিৰুদ্ধে গৈ কোনো ৰায়দান দিব পৰা নাই । ফলস্বৰূপে সৰ্বোচ্চ ন্যায়ালয় ক্ৰমশঃ কাৰ্যবাহী আদালতলৈ পৰ্যবসিত হৈছে বুলিও অসন্তুষ্টিৰ সৃষ্টি হৈছে । চৰকাৰী পক্ষৰ পদক্ষেপক সততে সেউজ সংকেত প্ৰদান কৰা হয় বুলি সমালোচিত হৈছে । যিহেতু ভাৰতৰ আদালতসমূহ নিষ্পত্তিবিহীন গোচৰেৰে ভৰি পৰি আছে, গতিকে আদালতৰ সময়ৰ অভাৱৰ কথাটো অস্বীকাৰ কৰিব নোৱাৰি । গতিকে বহু সময়ত ইয়াৰ অজুহাতত চৰকাৰক অসুবিধাত পেলাব পৰা গোচৰ উপযুক্ত সময়ত গ্ৰহণৰ পৰা বিৰত থকাও পৰিলক্ষিত হৈছে ।

গতিকে ন্যায়পালিকাই সম্পূৰ্ণৰূপে নিৰপেক্ষতা অৱলম্বন কৰিছে বুলি মানি ল’বলৈ বহুতৰে আপত্তি; বৰঞ্চ ন্যায়াধীশসকলক যথেষ্ট চাপত ৰখা যেনেই অনুভৱ হয় । এইখিনিতে অসমৰ এটি উদাহৰণ দাঙি ধৰিব পাৰি । গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অনাৰ পথত আৰক্ষীৰ বাহনতে এগৰাকী মহিলা আৰক্ষী বিষয়াক তেওঁ অশালীন আচৰণ কৰা বুলি গোচৰ ৰুজু কৰা হৈছিল । বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশে সেই গোচৰৰ শুনানিত ৰাজ্যৰ শেহতীয়া কেতবোল ঘটনাত আৰক্ষীৰ ভূমিকাক লৈ পৰ্যবেক্ষণ দাঙি ধৰিছিল । ৰাজ্যত বিগত প্ৰায় এবছৰ কালত আৰক্ষীৰ দ্বাৰা সংঘটিত তথাকথিত ‘সংঘৰ্ষ’ক লৈ ন্যায়াধীশগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰিছিল ।

সেই সম্পৰ্কে সংবাদ মাধ্যমত বিস্তৃতভাৱে প্ৰকাশ পোৱাৰ পাছতে চৰকাৰে সত্ৰ আদালতৰ পৰ্যবেক্ষণ গুৰুত্ব সহকাৰে গ্ৰহণ কৰাৰ সলনি তাত উচ্চ ন্যায়ালয়ৰ দ্বাৰা ততাতৈয়াকৈ স্থগিতাদেশ জাৰিতহে উঠিপৰি লাগিল । এই ক্ষেত্ৰত চৰকাৰৰ যুক্তি হ’ল– আদালতৰ এনে বক্তব্যই আৰক্ষীৰ মনোবল হ্ৰাস কৰিব । ইয়াৰ দ্বাৰা আইন ক্ষেত্ৰলৈ এই ইংগিতেই প্ৰেৰণ কৰা হ’ল যে চৰকাৰৰ ইচ্ছাৰ বিৰুদ্ধে মত প্ৰকাশ কৰা নচলিব । ই পৰৱৰ্তি পৰ্যায়ত কেনে প্ৰভাৱ বিস্তাৰ কৰিব তাৰ ব্যাখ্যা নিষ্প্ৰয়োজন । চৰকাৰে এনেদৰেই প্ৰতিটো ক্ষেত্ৰত বিভিন্ন কৌশলেৰে ন্যায়ালয়ৰ ওপৰত চাপ সৃষ্টি কৰি আহিছে । এনে পৰিপ্ৰেক্ষিতত ভুক্তভোগীয়ে ন্যায় পাবনে ? নাগৰিকৰ অন্তিম আশ্ৰয়দাতা ন্যায়পালিকায়েই বা ক’ত আশ্ৰয় ল’বগৈ ?

লক্ষ্যণীয় যে ভাৰতত আজি প্ৰায় পাঁচ কোটি গোচৰ বিভিন্ন আদালতত নিষ্পত্তি নোহোৱাকৈ পৰি আছে । সংসদৰ চলিত অধিবেশনত আইন মন্ত্ৰীয়ে দাঙি ধৰা তথ্য অনুসৰি ইয়াৰে প্ৰায় ৭১ হেজাৰ গোচৰ আছে স্বয়ং উচ্চতম ন্যায়ালয়ত । আনহাতে, যোৱা জুলাই পৰ্যন্ত দেশৰ ২৫খন উচ্চ ন্যায়ালয়ত ৫৯,৫৭,৪৫৪টা গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে । ইয়াৰে সৰ্বাধিক ১০,২৬,৪১৭টা গোচৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ । এনেদৰে ওলমি থকা গোচৰৰ সংখ্যা বৃদ্ধিৰ ভয়াৱহতা কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৰ এক বক্তব্যৰ পৰাই উমান পাব পাৰি । এবছল পূৰ্বে তেওঁ আইন দপ্তৰৰ দায়িত্ব গ্ৰহণৰ সময়ত অমীমাংসিত গোচৰৰ সংখ্যা চাৰি কোটিতকৈ সামান্য কম আছিল; কিন্তু এই এবছৰতে এই সংখ্যা পাঁচ কোটিলৈ বৃদ্ধি পালে । গতিকে পৰিস্থিতি কিমান ভয়াৱহ তাৰ ব্যাখ্যা নিষ্প্ৰয়োজন ।

এবছৰত এক কোটিকৈ নিষ্পত্তিবিহীন গোচৰৰ সংখ্যা বৃদ্ধি মানেই আগন্তুক সময়ছোৱাত পৰিস্থিতিয়ে কেনে ৰূপ ধাৰণ কৰিব পাৰে সেয়া কল্পনা কৰাটোও কঠিন । এতিয়াই জৰুৰী ব্যৱস্থা গ্ৰহণ নকৰিলে যে পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব তাক কোৱা বাহুল্য মাথোন । মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে ভাৰতৰ আদালতত একোগৰাকী বিচাৰপতিয়ে প্ৰতিদিনে গড়ে ৪০টাৰ পৰা ৫০টালৈ গোচৰৰ শুনানি গ্ৰহণ কৰে; অথচ ইয়াৰ বিপৰীতে ইংলেণ্ডত প্ৰতিদিনে গড়ে মাত্ৰ তিনিটাৰ পৰা চাৰিটা গোচৰতহে ৰায়দান কৰে । এনে নিষ্পত্তিহীন গোচৰৰ সংখ্যা বৃদ্ধিৰ বাবেই দেশৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকাসকলৰ ৬০ শতাংশই বিচাৰাধীন অভিযুক্ত । ন্যায় লাভৰ অবিহনেই মাহৰ পাছত মাহ, বছৰৰ পাছত বছৰ সেইসকলে কাৰাগাৰতে পচিছে । ইয়াৰ সকলোৱেই যে দুৰ্ধৰ্ষ অপৰাধী সি নহয়, বৰঞ্চ তাৰে বৃহৎ সংখ্যকেই নিৰপৰাধী হৈও বন্দী জীৱন কটাবলগীয়া হৈছে বিলম্বিত আইনী প্ৰক্ৰিয়াৰ কাৰণে ।

অকল সেয়ে নহয়, ভাৰতত ন্যায়াধীশ নিযুক্তিৰ প্ৰক্ৰিয়াটোও যথেষ্ট সমালোচনাৰ সন্মুখীন হৈ আহিছে । ন্যায়াধীশৰ নিযুক্তি, বদলি আৰু পদোন্নতিৰ ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপক লৈ মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰি আহিছে । এনে হস্তক্ষেপে পৰৱৰ্তী পৰ্যায়ত ন্যায়াধীশসকলৰ কৰ্মক্ষেত্ৰত বিৰূপ প্ৰভাৱ বিস্তাৰ কৰাটো তেনেই স্বাভাৱিক । কৰ্ণাটকৰ এগৰাকী জ্যেষ্ঠ অধিবক্তাক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে বাছনি কৰা হৈছিল যদিও এবছৰৰো অধিক কাল তেওঁৰ নিযুক্তি ওলমাই ৰখা হ’ল; কাৰণ তেওঁ সংশোধিত নাগৰিকৰ আইন (‘কা’)— বিৰোধী এখন আলোচনাচক্ৰত অংশ লৈছিল । অৱশেষত অধ্বিক্তাগৰাকীয়ে বিৰক্ত হৈ সেই বাছনিৰ প্ৰতি তেওঁৰ সন্মতি প্ৰত্যাহাৰ কৰে ।

উচ্চ আদালতসমূহৰ দৰেই নিম্ন আদালতসমূহেও চৰকাৰ তথা শক্তিশালী পক্ষসমূহৰ আগ্ৰাসনৰ পৰা নাগৰিকৰ আইনী অধিকাৰ ৰক্ষাৰ বাবে যথোচিতভাৱে সক্ৰিয় হোৱা নাই বুলিও অসন্তুষ্টি প্ৰকাশ পাইছে । নিম্ন আদালতৰ বিচাৰকসকলে তেনেই যান্ত্ৰিকভাৱে আইন প্ৰয়োগ কৰি দায়িত্ব সামৰিছে; কিয়নো উচ্চ আদালতৰ লেখীয়াকৈ তেওঁলোকৰ বাবে সাংবিধানিক সুৰক্ষাৰ ব্যৱস্থাৰো অভাৱ । গতিকে তেওঁলোক সততে জটিলতাৰ পৰা আঁতৰি থাকিব বিচাৰে; কিন্তু এই কথা ঠিক যে ন্যায়পালিকাৰ কাৰ্যকলাপৰ ক্ষেত্ৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ভূমিকাই চূড়ান্ত । ইতিমধ্যে উল্লেখ কৰা হৈছে যে ন্যায়পালিকা শেহতীয়াভাৱে আইনী সম্প্ৰদায়ৰ পৰাই যথেষ্ট সমালোচিত হৈছে ।

২০১৮ত তদানীন্তন মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ কাৰ্যত ক্ষুণ্ণ হৈ উচ্চতম ন্যায়ালয়ৰ চাৰিগৰাকী জ্যেষ্ঠতম ন্যায়াধীশে দেশত প্ৰথমবাৰলৈ এক সংবাদমেল আহ্বান কৰাৰ কথা কোনে পাহৰিব ? জ্যেষ্ঠতম সতীৰ্থ চাৰিগৰাকী ন্যায়াধীশে মুকলিকৈ সমালোচনা কৰিছিল যে মুখ্য ন্যায়াধীশ মিশ্ৰই আইনী নীতি-নিয়ম ভংগ কৰিছে । তাৰ পাছৰে পৰা অধিক সংখ্যক ন্যায়াধীশ তথা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ সময়ে সময়ে ন্যায়পালিকাৰ ভূমিকাক লৈ সৰৱ হৈ আহিছে । গতিকে ন্যায়পালিকাৰ ভূমিকাক লৈ ইয়াৰ ভিতৰ চ’ৰাতেই যে অসন্তুষ্টি বিদ্যমান– সেয়া স্পষ্ট । তদুপৰি দেশৰ বিভিন্ন প্ৰান্তত একাংশ ন্যায়াধীশৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ দুৰ্নীতিৰ অভিযোগো উত্থাপিত হৈ আহিছে । আনকি অৱসৰ গ্ৰহণৰ পাছতে একাংশ ন্যায়াধীশে চৰকাৰৰ পৰা লোভনীয় পদত অধিষ্ঠিত হোৱাৰ বিষয় লৈও বহুতেই আঙুলিওৱাৰ সুযোগ লাভ কৰিছে ।

লক্ষ্যণীয়ভাৱে চৰ্চিত হোৱাৰ দৰে চৰকাৰক অসুবিধাত পেলাব পৰা ৰায়দানৰ পৰা বিৰত থাকিলেও উচ্চতম ন্যায়ালয়ে গোচৰৰ শুনানি কালত কেতবোৰ প্ৰসংগ উত্থাপন কৰি ৰাজহুৱা বিতৰ্কৰ সুযোগ উলিয়াই দিয়া পৰিলক্ষিত হৈছে । ইয়াৰ জৰিয়তে উল্লেখিত বিষয়সমূহত জনমত গঠনৰ সুযোগ প্ৰদান কৰা হৈছে, যাতে চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰিব পৰা যায় ।

Exit mobile version