মঙলবাৰে শপত ল’ব একনাথ সিন্ধেৰ নতুন মন্ত্ৰীসভাই

WhatsApp Image 2022 08 08 at 9.03.35 PM

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই মঙলবাৰে একনাথ সিন্ধেৰ নতুন মন্ত্ৰীসভাই শপত ল’ব৷ ৩৮ দিন পূৰ্বে মহাৰাষ্ট্ৰত বিজেপিৰে মিলি শিৱসেনাৰ বিসম্বাদী বিধায়কৰ সমৰ্থনত মুখ্যমন্ত্ৰী ৰূপে সিন্ধেই দায়িত্ব লৈছিল যদিও মন্ত্ৰীসভা বিস্তাৰ কৰা নাছিল ৷ কিন্ত সকলো উৎকণ্ঠাৰ অন্ত পেলাই মঙলবাৰে বিজেপি-শিৱসেনাৰ কেইবাজনো বিধায়কে ৰাজভৱনৰ দৰবাৰ হলত দিনৰ এঘাৰ বজাত শপত গ্ৰহণ কৰিব ৷ শপতবাক্য পাঠ কৰাব ৰাজ্যপাল ভকত সি’ কুশ্বিআৰীয়ে৷ অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী একনাথ সিন্ধে আৰু উপ- মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাণ্ডাৱিছ ৷

Exit mobile version