বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পদত্যাগ আৰ জেডিৰ সহযোগত নতুন চৰকাৰৰ প্ৰস্তুতি

images

বিহাৰত ৰাজনৈতিক পট পৰিবৰ্তন ৷ অৱশেষত বিজেপিৰে সম্পৰ্ক চিন্ন কৰি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যপাল ফাগু চৌহানক সাক্ষাৎ কৰি দাখিল কৰে পদত্যাগপত্ৰ৷ইয়াৰ লগে লগে নিশ্চিত হ’ল নীতিশ চৰকাৰৰ পতন ৷

আনহাতে, প্ৰত্যাশিতভাৱে আৰজেডিৰ সহযোগত নতুন চৰকাৰৰ পৰিকল্পনা নীতিশ কুমাৰৰ৷ইতিমধ্যে ৰাজ্যপালৰ হাতত বিদায়ী মুখ্যমন্ত্ৰী গৰাকীয়ে নতুন চৰকাৰ গঠনৰ বাবে ২৬০ জনীয়া বিধায়কৰ সমৰ্থন পত্ৰ তুলি দিয়ে ৷

বুধবাৰেই হয়তো আৰজেডি- জেডিইউ মিত্ৰগোষ্ঠীয়ে নীতিশ কুমাৰ নেতৃত্বত নতুন চৰকাৰ গঠনৰ প্ৰস্তুাৱ দাখিল কৰিব ৰাজ্যপালক ৷

Exit mobile version