মেৰাপানী সীমান্তত পুনৰ নগা আগ্ৰাসন, অসমীয়াৰ ভূমিত ধানখেতি

নিৰ্বিকাৰ অসমৰ প্ৰশাসন-চিআৰপিএফ বাহিনী 

WhatsApp Image 2022 08 09 at 3.41.19 PM 1

অসম-নগালেণ্ড সীমান্তৰ গোলাঘাট জিলাৰ মেৰাপানীৰ ডি চেক্টৰত পুনৰ নগাই চলোৱা  আগ্ৰাসনক লৈ সমগ্ৰ সীমান্ততে তীব্ৰ উত্তেজনা বিৰাজ কৰিছে । অভিযোগ অনুসৰি, মেৰাপানী সীমাৰ এক নম্বৰ ওপৰ তৰাণিৰ গড়বস্তিৰ অসমৰ ভূমিত চুবুৰীয়া ৰাজ‍্য নগালেণ্ডৰ নাগৰিকে  সংগোপনে আহি অসমীয়া লোকৰ মাটিত ৰোপণ কৰিলে ধানখেতি । মেৰাপানীৰ এক নম্বৰ ওপৰ তৰাণিৰ গড়বস্তিৰ প্ৰয়াত নন্দলাল গড়ৰ কন্যা তৰামাই গড়ৰ পৈত্ৰিক  ভূমিত নগাই বেদখল চলোৱা কাৰ্যই সচকিত কৰি তুলিছে সীমাবাসী অসমীয়াক ।

উল্লেখ্য যে, অসম চৰকাৰৰ ‘হাফ মাইল বেল্ট’ৰ অধীনত ১৯৭১ৰ জৰীপ অনুসৰি গোলাঘাট চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ যোগেদি  সীমান্তবাসীক ৰাইজক আবন্টন দিয়া ১০ বিঘাকৈ ভূমিত এতিয়া পৰিছে  নগাৰ শেনচকু । এক নম্বৰ তৰাণিৰ গোপাল গড় আৰু তেওঁৰ ভগ্নী তৰামাই গড়ৰে তেঁওলোকৰ পিতৃ প্ৰয়াত নন্দলাল গড়ৰ  নামত চৰকাৰে প্ৰদান কৰা ভূমিৰ পৈত্ৰিক সূত্ৰে লাভ কৰা মাটিত নগা আৰু অসমীয়াৰ মাজত সীমা বিবাদৰ সূত্ৰপাত হৈ ২০১১ৰে পৰা বিবাদমান ভূমি হিচাপে চিহ্নিত হৈ আহিছিল । ফলস্বৰূপে সীমান্তত নিয়োজিত চি আৰ পি এফৰ হস্তক্ষেপত বিবাদমান ভূমিখণ্ডত গোপাল গড়ৰ পৰিয়ালৰ লগতে অধিকাৰ সাব্যস্ত কৰিব খোজা নগা লোকক খেতিবাতি কৰাৰ ক্ষেত্ৰতো বাধা প্ৰদান কৰি ৰাখিছিল যদিও এই বাধা নামানি একাংশ নগালোকে উক্ত ভূমিত ৰোপন কৰিছে ধান খেতি ।

ইফালে, নগাই হাবি কাটি খেতি কৰিবলৈ যা-যোগাৰ কৰা তথা লগতে ধানৰ কঠিয়া ৰোপন কৰাৰ তথ্য লাভ কৰি তৰামাই গড়ে যোৱা ২৫ জুনত মেৰাপানীস্থিত ১৪২ নম্বৰ চি আৰ পি এফৰ ওচৰত  লিখিত অভিযোগ দাখিল কৰিছিল যদিও বিষয়টোৰ ওপৰত চি আৰ পি এফে কোনো গুৰুত্ব নিদিলে বুলি অভিযোগ কৰিছে । আনহাতে, যোৱা ২৫ জুনতেই উক্ত বিষয়টো অৱগত কৰি স্থানীয় গাঁওবুঢ়াই বিষয়টো মেৰাপানী সীমান্ত দণ্ডাধীশক অৱগত কৰি স্থানীয় গাঁওবুঢ়াৰ ওচৰতো লিখিত পত্ৰ দাখিল কৰাত গাঁওবুঢ়াই বিষয়টো মেৰাপানী সীমান্ত দণ্ডাধীশক অৱগত কৰি আলোচনা কৰিব বুলি আশ্বাস দিছিল ।

ইফালে, নগাই ৰোপন কৰা ধানগছ দিনক দিনে বাঢ়ি অহাত দৰিদ্ৰ পৰিয়ালটোৱে নিজৰ ভোগ দখলৰ পৈত্ৰিক সম্পত্তিত নগাৰ বেদখল কোনো কাৰণতেই মানি ল’ব খোজা নাই । এই দীৰ্ঘদিন ধৰি বিৰ্তকিত হৈ থকা ভূখণ্ডৰ উচিত মীমাংসা কৰি নগাৰ কবলৰ পৰা তেঁওলোকৰ হস্তগত কৰাবলৈ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালটোৱে ।

উল্লেখ্য যে আজি পুনৰ তৰামাই গড়ে মেৰাপানী আৰক্ষী থানাত নগাৰ বেদখল আৰু তেওঁলোকৰ ভূমিত ধানখেতি কৰাৰ সন্দৰ্ভত ন্যায় বিচাৰৰ আহ্বান কৰি আন এক অভিযোগ দাখিল কৰিছে । আনহাতে, বিষয়টোৰ সন্দৰ্ভত আজি পুনৰ ভুক্তভোগী পৰিয়ালটোৱে মেৰাপানীস্থিত ১৪২ নম্বৰ চি আৰ পি এফৰ কাৰ্যালয়ত উপস্থিত হৈ  বিষয়টো মীমাংসা কৰাৰ আহ্বান জনায় যদিও চি আৰ পি এফে আগন্তুক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ব্যস্ততাৰ দোহাই দি ১৫ আগষ্টৰ পাছতহে আলোচনাত মিলিত হোৱাৰ কথা ব্যক্ত কৰে ।

ইফালে, দীৰ্ঘদিন ধৰি বিবাদমান অৱস্থাত থকা ভূমিখণ্ডৰ সমস্যা সমাধানৰ বাবে প্ৰশাসনক জনাই অহাৰ পাছতো চি আৰ পি এফ তথা গোলাঘাট জিলা প্ৰশাসনে বিষয়টোত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । ফলত নিজৰ প্ৰাপ্য পৈত্ৰিক সম্পত্তিৰ ভূমিৰ অধিকাৰ বিচাৰি দিক্‌বিদিক হেৰুৱাই পেলাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে ।

Exit mobile version