স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ পাঁচটা দিন থকা অৱস্থাত আলফা (স্বাঃ) আৰু এন এছ চি এনে তিনিচুকীয়াৰ ভাৰত-ম্যানমাৰৰ পাংচুপাছত সংঘটিত কৰে ভয়াৱহ আক্ৰমণ৷ভাৰত-ম্যানমাৰ সীমান্তত থকা আছাম ৰাইফলছৰ শিবিৰত বিদ্ৰোহী সংগঠন দুটাই যৌথভাৱে আক্ৰমণ কৰে ৷
পুৱতি নিশা প্ৰায় ২.৩০ মান বজাত আলফা (স্বাধীন) আৰু এন এছ চি এনৰ কেডাৰে অৰ্তকিতে আছাম ৰাইফলছৰ ৩টাকৈ শিৱিৰত মৰ্টাৰেৰে আক্ৰমণ কৰে । তাৰ পিছতে দুয়ো পক্ষৰ মাজত আজি কাহিলী পুৱালৈকে গুলীয়াগুলী সংঘটিত হয় ৷
উল্লেখ্য যে আলফা (স্বাধীন) য়ে ৰাজ্যবাসীক এইবাৰৰ স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ আহ্বান জনাইছিল৷এনে প্ৰেক্ষাপটত আজি আলফা (স্বাধীন) আৰু এন এছ চি এন যৌথ আক্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ বিদ্ৰোহী সংগঠন দুটাৰ এই ভয়াৱহ এম্বুশ্বত আছাম ৰাইফলছৰ কেইবাজনো জোৱান গুৰুতৰভাৱে আহত হোৱাৰ আশংকা কৰা হৈছে ৷