১৪ অক্টোবৰত মুক্তি পাব অসমীয়া ছবি ‘মোৰ শেষ গান’

SquareArt 202289182546901

১৪ অক্টোবৰত মুক্তি পাব অসমীয়া ছবি ‘মোৰ শেষ গান’ ৷

ইতিমধ্যে চিনেমা খনৰ প্ৰযোজকে চলচ্চিত্ৰ খন ৰাইজৰ মাজলৈ নিবৰ বাবে বিশেষ পদক্ষেপ লৈছে ৷

উল্লেখ্য যে মুক্তি পাবলগীয়া’মোৰ শেষ গান’ৰ মূল কাহিনীটো এনে এজন মানুহৰ যি ২৫ বছৰ ধৰি অসমৰ বাহিৰত আছে কিন্তু অসমলৈ এবাৰলৈও যোৱা নাই। অসমলৈ মানুহজনৰ কিন্তু অফুৰন্ত হেঁপাহ। মুম্বাইত থাকিবলৈ লোৱা মানুহজনৰ পুতেক মুম্বাইতে ডাঙৰ হৈছে। হেঁপাহৰ অসমখনলৈ বাৰু মানুহজন যাব পাৰিবনে? পুতেকে বাৰু অসমত কি বিচাৰি পাব? দেউতাকে নিজ জন্মস্হানলৈ কেতিয়াও ঘূৰি নোযোৱাৰ কাৰণটো জানিবলৈ পাবনে ?

এনেকুৱা বহুত সাঁথৰৰ উত্তৰ আছে এই ছবিখনৰ কাহিনীত। আৰু আছে মৰম, ভালপোৱা, প্ৰতাৰণা, পাৰিবাৰিক আৰু সামাজিক দ্বেষ আৰু সংঘৰ্ষৰ কথা। ছবিখনৰ শেষত এটি ঘোষাৰে ক্ষমা আৰু সংহতিৰ এক আকুল প্ৰাৰ্থণা আছে। সমন্বয়ৰ এটি বাৰ্তা আছে।

ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা প্ৰবাল বৰুৱাৰ। সংলাপ আৰু গীত লিখাৰ উপৰিও প্ৰযোজনা কৰিছে বিজয় দুৱৰাই। সঙ্গীত অজয় সিংহৰ। শব্দ ব্যৱস্হাপনা দেবজিৎ চাংমাই আৰু অমৃত প্ৰীতমৰ। এই গোটেই কেইজনেই মুম্বাইৰ নিবাসী। এওঁলোকৰ কাৰোৱেই জীৱনৰ স’তে ছবিৰ কাহিনীটোৰ মিল নাই যদিও নিজ জন্মস্হানৰ প্ৰতি থকা হেঁপাহৰ অনুভূতিখিনি কিন্তু প্ৰতিজনৰ বুকুতেই আছে। ছবিখনৰ সহ প্ৰযোজক হ’ল অসমৰ চিনেমা জগতৰ এক সুপৰিচিতা ব্যক্তি প্ৰিয়ঙ্কা বৰুৱা ।

ছবিখনৰ লগত মুম্বাইৰ আৰু কলাকুশলী জড়িত হৈ আছে। চিনেমেটোগ্ৰাফাৰ অৰুণ ৱাৰ্মা, সম্পাদক সংকল্প মেশ্বৰাম আৰু ডি আই বিশেষজ্ঞ মলয় ৰয়। তিনিও পুণেৰ এফ টি আই আই’ত চিনেমাৰ শিক্ষা লোৱা মুম্বাইৰ সুপ্ৰতিস্হিত ব্যক্তি। অভিনয়ত আছে অসমৰ ন পুৰণি বহুতো শিল্পী। সুপ্ৰতিস্হিত শিল্পী অৰুণ নাথ আৰু মৃদুলা বৰুৱা আছে দুটা অতি গুৰুত্বপুৰ্ণ ভূমিকাত। অতি জনপ্ৰিয় অভিনেতা কমল লোচনো আছে এটা মৰমলগা চৰিত্ৰত। আৰু এটা গম্ভীৰ চৰিত্ৰত আছে বিভূতি ভূষণ হাজৰীকা। লগতে আছে প্ৰতিভা চৌধুৰী, ৰনাল্ড হুচেইন, অচিন্ত শঙ্কৰ, প্ৰণৱজ্যোতি বৰ্মণ, প্ৰৱীণ দত্ত আৰু কৌশিক নাথ ।

মুখ্য চৰিত্ৰত অভিনয় কৰিছে অৰ্ঘদীপ বৰুৱা আৰু সৃজনী ভাস্ব মহন্তই। তেওঁলোক দুয়োৰে মাজত গঢ়ি উঠা মধুৰ সম্পৰ্কই ছবিখন অতি আকৰ্ষণীয় কৰি তুলিছে । সঙ্গীতৰ দিশটোৰ সোণত সুৱগা চৰাইছে জুবিন গাৰ্গে। ছবিখনৰ শীৰ্ষ গীতত কণ্ঠদান কৰিছে স্বয়ং জুবিনে। অন্যান্য সংগীত শিল্পী সকল হ’ল আয়ান আলি বাঙ্গাশ্ব। শীৰ্ষগীতটি সৰোদত বজাইছে আয়ানে। আয়ান হ’ল প্ৰথম অসমীয়া ছবি জয়মতীত গদাপানিৰ চৰিত্ৰত অভিনয় কৰা ফুনু বৰুৱাৰ নাতিয়েক আৰু বিশ্ববিশ্ৰুত সৰোদ বাদক আমজাদ আলি খানৰ পুতেক। দুটা জ্যোতি সঙ্গীতো আছে ছবিখনত। কণ্ঠদান কৰিছে দীপলিনা ডেকা আৰু ৰিত্ৰিচা শৰ্ম্মাই। ছবিখনৰ শুভমুক্তি অহা ১৪ অক্টোবৰত গোটেই অসমৰ ছবিঘৰত ।

Exit mobile version