কৰ্ণাটকৰ সাম্প্ৰদায়িক সংঘৰ্ষ

দুজন নিহত হোৱাৰ বিপৰীতে আহত হয় ছয়

WhatsApp Image 2022 08 11 at 6.27.37 PM

কৰ্ণাটকৰ কোপ্পল জিলাত দুটা ভিন্ন সম্প্ৰদায়ৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত দুজন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় ছজন ৷ আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰা হয় চিকিৎসালয়ত৷ ইতিমধ্যে উত্তপ্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখট কোপ্পল জিলা প্ৰশাসনে সমগ্ৰ হুলিহাইদাৰ গাঁৱত জাৰি কৰিছে ১৪৪ ধাৰা ৷

ADVERTISEMENT

আৰক্ষীয়ে জানিব দিয়া মতে প্ৰেম সম্পৰ্কীয় এক ঘটনাৰ বাবে দুটা ভিন্ন সম্প্ৰদায়ৰ এজন যুৱক আৰু এগৰাকী যুৱতীৰ মাজত আছিল প্ৰেমজনিত সম্পৰ্ক। মহৰমৰ দিনটোা ধৰ্মীয় অনুষ্ঠানৰ মাজতে প্ৰেমিকজনে প্ৰেমিকাক লগ কৰিবলৈ গৈছিল ৷ তাৰ পিছতে দুই সম্প্ৰদায়ৰ মাজত মতানৈক্যৰ সৃষ্টি হয় আৰু তাৰ পিছত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷

ঘটনাই ৰূপ লয় হিংসাত্মক সংঘৰ্ষলৈ । দুয়োপক্ষৰ মাজত প্ৰচণ্ড মাৰপিট হয় ৷ এই ঘটনাত আহত হয় আঠজনকৈ লোক। আনহাতে পাছা ৱালি নামৰ যুৱক এজন আৰু ষাঠি উৰ্ধৰ য়েনকাপা টলাৱাদ নামৰ বৃদ্ধজন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

Exit mobile version