আলফা স্বাধীনৰ টাৰ্গেটত অইল ইণ্ডিয়া, পাইপলাইন আৰু চাহ বাগিচা : জি পি সিং

WhatsApp Image 2022 08 12 at 7.25.41 PM

কেন্দ্ৰীয় চোৰাংচোৱাই অসম আৰক্ষীক দিছে গুৰুত্বপূৰ্ণ তথ্য। ৷ আলফা স্বাধীনৰ টাৰ্গেটত অইল ইণ্ডিয়াৰ তৈলক্ষেত্ৰ, পাইপ লাইন, চাহ বাগিচা৷ উজনি ভ্ৰমণ কৰি থকা অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে তিনিচুকীয়াত এই মন্তব্য কৰে ৷শেহতীয়াকৈ উজনি অসমৰ নিৰাপত্তা ব্যৱস্থা আৰক্ষীৰ বাবে প্ৰত্যাহ্বানমূলক বুলি স্বীকাৰ কৰিছে জ্যেষ্ঠ আৰক্ষী বিষয়াজনে।

দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আলফা স্বাধীনৰ কেডাৰে কুটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ বাবে তৎপৰ হৈ পৰিছে এই সম্পৰ্কীয় গোপন তথ্যৰ সম্ভেদ পাইছে চোৰাংচোৱা সন্হা সমুহে৷ এই খবৰ লাভ কৰাৰ পিচতে আলফা (স্বা)ৰ কেডাৰক প্ৰতিহত কৰিবলৈ সেনা আৰু অসম আৰক্ষী সষ্টম হৈ পৰিছে।

তিনিচুকীয়াত বাহৰ পাতি থকা জি পি সিঙে ইতিমধ্যে সেনা আৰু আৰক্ষীৰ সৈতে ঘনে ঘনে হৈছে মিলিত৷ চোৰাংচোৱাৰ আন এক খবৰ অনুসৰি আলফা স্বাধীনৰ টাৰ্গেটত আছে উজনিৰ ভাষিক সংখ্যালঘু লোক ৷

এই খবৰ লাভ কৰাৰ পিছতে উজনিৰ কেইবাখনো জিলাত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা৷স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ অঞ্চলত অভিযান চলোৱা ব্যৱস্থা কৰা হৈছে ৷

Exit mobile version