দিছপুৰ মহাবিদ্যালয়ৰ চুৰি হোৱা ধন তিনিমাহৰ অন্তত উভতাই পালে কলেজে

5 5 2022 14 30 58 461

অৱশেষত তিনিমাহৰ অন্তত দিছপুৰ মহাবিদ্যালয়ৰ বেংক একাউণ্টৰ পৰা চুৰি হোৱা ৭৬ লাখ টকাতকৈ অধিক মূল্যৰ ধন উভতাই পায় কলেজ কৰ্তৃপক্ষই৷ তিনিটা কিস্তিত মুঠ ৭৬,৩৪,৯০০ টকা উভতাই পাই কলেজৰ বেংক একাউণ্ট’তত ৷

উল্লেখযোগ্য যে,বেংক অফ বৰোদাৰ দিছপুৰ শাখাত থকা কলেজৰ বেংক একাউণ্টৰ পৰা এপ্ৰিল মাহত চুৰি হৈছিল টকাখিনি। ২ মে’তহে পোহৰলৈ আহিছিল টকা হৰলুকি হোৱা খবৰটো৷ কলেজ কৰ্তৃপক্ষই অভিযোগ কৰা মতে , বেংক কৰ্তৃপক্ষৰ চৰম দায়িত্বহীনতাৰ বাবে সংঘটিত হৈছিল এই ঘটনাটো।

চাইবাৰ অপৰাধীয়ে মহাবিদ্যালয়খনৰ বেংক একাউণ্টৰ পৰা ৭৬ লাখ টকাতকৈ অধিক মূল্যৰ ধন চুৰি কৰিছিল। ধনখিনি বেংক অফ বৰোদাৰ দিছপুৰ শাখাৰ পৰা পশ্চিম বংগৰ বৰ্ণোগৰ শাখাৰ ইউনিয়ন বেংক অফ ইণ্ডিয়ালৈ স্থানান্তৰ হৈছিল। যাৰ বাবে পিছত কলেজ কৰ্তৃপক্ষই গোচৰ ৰজু কৰে দিছপুৰ থানাত৷ মহানগৰ আৰক্ষীয়ে বেংক অফ বৰোদাৰ দিছপুৰ শাখাৰ মুখ্য প্ৰবন্ধক সহ কেইবা গৰাকী বিষয়াক থানালৈ তলব কৰি জেৰা কৰিছিল৷

Exit mobile version