COVID-19 : ক’ভিড আপডেট

Covid kerala 3

ঊর্ধ্বমুখী দেশৰ কৰ’না গ্রাফ । বিগত সাত মাহত এদিনতে দৈনিক আক্রান্তৰ সংখ্যা সৰ্বাধিক হৈছে দিল্লীতে । বৃহস্পতিবাৰে এদিনত আক্রান্ত হৈছে ২,৭২৬ জন । শুকুৰবাৰে এই তথ্য দিলে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে । লগতে বিগত ২৪ ঘণ্টাত ৰাজধানীত কৰ’নাত মৃত্যু হৈছে ছজনৰ । সংক্রমণৰ হাৰো ঊর্ধ্বমুখী— ১৪.৩৮ শতাংশ ।

যোৱা ফেব্রুৱাৰীত দিল্লীত এদিনত আক্রান্ত হৈছিল ৮,৮৪০ জন । তাৰ পাছত এদিনত আক্রান্তৰ পৰিসংখ্যা এইটোৱে সৰ্বাধিক । দেশৰ কৰ’না চিত্রও বেচ উদ্বেগজনক । বিগত ২৪ ঘণ্টাত দেশত মুঠ কৰ’না আক্রান্তৰ সংখ্যা ১৬,৫৬১ ।

বৃহস্পতিবাৰে কৰ’নাত মৃত্যু হৈছে ৪৯ জনৰ । মুঠ কৰ’না আক্রান্তৰ সংখ্যা হৈছে ৪,৪২,২৩,৫৫৭ । দিল্লীৰ উপৰিও মহাৰাষ্ট্র, কেৰালা ইত্যাদি ৰাজ্যতো কৰ’না বৃদ্ধি পাইছে ।

বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্রত কৰ’না আক্রান্ত হৈছে ১,৮৭৭ জন । মৃত্যু হৈছে পাঁচ জনৰ । কেৰালাত কৰ’নাত মৃত্যু হৈছে ১০ জনৰ । বৃহস্পতিবাৰে পশ্চিমবংগত ৫৯৮ জন কৰ’না আক্রান্ত হৈছে । মুঠ আক্রান্তৰ সংখ্যা ২১,০১,০৭৫ ।

Exit mobile version