মেৰাপানীত মৰেল পুলিচগিৰিৰ ঘটনা ,মৰাৰ সন্দেহত বৃদ্ধ-যুৱকক দলবদ্ধ প্ৰহাৰ
মেৰাপানীত সংঘটিত হৈছে এক অমানৱীয় ঘটনা ৷ মৰেল পুলিচ গিৰিৰ নামত এজন বৃদ্ধ সহ যুৱকক দলবদ্ধ আক্ৰমণ একাংশ লোকৰ ৷ মেৰাপানীৰ দয়ালপুৰ যোগেছী পথাৰ গাঁৱত সংঘটিত হয় এই ঘটনা ৷ পথাৰত বিহ দি হাঁহ মৰাৰ সন্দেহ কৰি গাঁৱৰে এজন বৃদ্ধ আৰু যুৱকক নিজ বাসগৃহৰ পৰা উঠাই আনে গাঁৱৰ মাজলৈ ৷ পিছত দুয়োৰে ওপৰত চলে মৰেল পুলিচগিৰি ৷ উপযুপৰি প্ৰহাৰ কৰে দুয়োকে ৷ অৱশ্যে পিছত ঘটনাস্থলীলৈ আৰক্ষী আহি দুয়োকে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে ৷ আনহাতে আৰক্ষী অহাৰ পূৰ্বে মৰেল পুলিচগিৰি সংঘটিত কৰা লোক কেইজন পলায়ন কৰে ৷ আৰক্ষীয়ে ভুক্তভোগীয়ে দিয়া এজাহাৰৰ ভিত্তিত এক গোচৰ ৰজু কৰি ঘটনাৰ সৈতে জড়িতৰ সন্ধানত আৰম্ভ কৰিছে অভিযান ৷