ৰাজ্য চৰকাৰৰ ২০২২ বৰ্ষৰ সাংবাদিক পেঞ্চন ঘোষণা
অসমৰ সাংবাদিক পেঞ্চন আঁচনিৰ অধীনত চলিত বৰ্ষৰ পেঞ্চনাৰ সকলৰ নাম আজি ঘোষনা কৰা হয় ৷ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ জৰিয়তে পেঞ্চন প্ৰদান কৰিবলগীয়া এই পেঞ্চন চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হ’ব বাচনিকৃত ২০ গৰাকী অৱসৰী সাংবাদিকৰ তালিকা খন এনেধৰণৰ-উৎপল বৰদলৈ,জয়ন্ত কুমাৰ দাস,পদ্ম সিং,গৌৰাঙ্গ চক্ৰৱৰ্তী,ৰামলাল সিনহা,বিনয় কুমাৰ শৰ্মা,সমীন্দ্ৰ নাথ,ললিত চন্দ্ৰ কলিতা ৰত্নেশ্বৰ কুমাৰ(কামৰূপ মহানগৰ), প্ৰদীপ ঘোষ(দৰং),মছলেমউদ্দিন আহমেদ(ধুবুৰী),মহতাবুৰ ৰহমান(কৰিমগঞ্জ),ৰাতুল বৰা(যোৰহাট),ইমৰান হুছেই(ওদালগুৰি),বাচা বৰা(চৰাইদেও),মণিশংকৰ পুৰুকায়স্হ আৰু ৰবীন বৰুৱা( কাৰ্ব আংলং),মদনমোহন অধিকাৰী(কাছাৰ),ঈশ্বৰ প্ৰসাদ তামুলী(গোলাঘাট),কুমুদ চন্দ্ৰ ডেকা(নলবাৰী) ৷
উল্লেখ্য যে, অসম চৰকাৰে এই আঁচনি খন২০১৭-১৮ বৰ্ষত আৰম্ভ কৰিছিল ৷ প্ৰতিবছৰে ২০ গৰাকীকৈ সাংবাদিকে তেওঁলোকৰ আবেদনৰ ভিত্তিত নিদিষ্ট প্ৰক্ৰিয়াৰে এই আঁচনিৰ বাবে বাচনি কৰা হয় ৷ এনেদৰে যোৱা ৫ বছৰ মিলি মুঠ ১০০ গৰাকী সাংবাদিকক এতিয়ালৈ প্ৰতিমাহে ৮,০০০ টকাকৈ এই পেঞ্চন লাভ কৰি আহিছে৷ চলিত বৰ্ষত বাচনি কৰা ২০ গৰাকীৰে গই সংখ্যা হয়গৈ ১২০ জন ৷