বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ বাবে পদ সংৰক্ষণ

সংস্কাৰ আখ্যা দি অসমৰ বিশ্ববিদ্যালয়ৰ বাবে নতুন নীতি ঘোষণা ৰাজ্যপাল মুখীৰ

Lt. Governor of Andaman Nicobar Islands Prof. Jagdish Mukhi

ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহত এতিয়াৰে পৰা আৰু নাথাকিব ঠিকাভিত্তিক অধ্যাপক নিযুক্তিৰ সুযোগ । ইয়াৰ পৰিৱৰ্তে শিক্ষকৰ প্ৰয়োজন হ’লে স্থায়ী অধ্যাপক নিযুক্তি দিব লাগিব, অন্যথা অতিথি অধ্যাপকৰ জৰিয়তে পাঠদান কৰাব লাগিব । ইফালে, অধ্যাপক নিযুক্তিৰ ক্ষেত্ৰত এতিয়াৰে পৰা বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ বাবে অন্ততঃ পাঁচৰ পৰা ১০ শতাংশ পদ সংৰক্ষিত কৰিব লাগিব ।

শনিবাৰে এই কথা ঘোষণা কৰে ৰাজ্যপাল জগদীশ মুখীয়ে । স্বাধীনতা দিৱসৰ প্ৰাক্‌ক্ষণত ৰাজভৱনত এক সংবাদমেলত ৰাজ্যপাল মুখীয়ে ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডত এনেবোৰ সংস্কাৰমুখী পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি ব্যাখ্যা আগবঢ়াই কয় যে ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহত সলনি কৰা হৈছে উপাচাৰ্য নিযুক্তিৰ প্ৰক্ৰিয়াও । বিশ্ববিদ্যালয়ত কৰ্মৰত অধ্যাপককে উপাচাৰ্য নিযুক্তিৰ ধাৰাবাহিকতাৰ অন্ত পেলাই এতিয়াৰে পৰা উপাচাৰ্য নিযুক্তিৰ পূৰ্বে সৰ্বভাৰতীয় বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰিব লাগিব । দেশৰ যিকোনো প্ৰান্তৰে মেধাসম্পন্ন শিক্ষাবিদে যাতে উপাচাৰ্যৰ আসনত অধিষ্ঠিত হ’ব পাৰে তাৰ বাবেই গ্ৰহণ কৰা হৈছে এই পদক্ষেপ । ৰাজ্যপালে তাৰ বাবে দেশৰ চাৰিখন কাকতৰ নাম নিৰ্ধাৰণ কৰি দিছে ।

উল্লেখিত কাকতকেইখনত বিজ্ঞাপন প্ৰকাশ কৰিহে উপাচাৰ্য পদৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ আহ্বান কৰিব লাগিব । গুণগত শিক্ষাৰ বাবে উপাচাৰ্য নিযুক্তি প্ৰক্ৰিয়া সৰ্বভাৰতীয় পৰ্যায়ৰ হোৱা উচিত বুলি মন্তব্য কৰি ৰাজ্যপাল মুখীয়ে কয় যে তেওঁ নিজেই অনুসন্ধান কৰি জানিব পাৰিছে যে পূৰ্বে অসমৰ বিশ্ববিদ্যালয়সমূহত ছাত্ৰ হিচাপে অধ্যয়ন কৰি পাছলৈ বিশ্ববিদ্যালয়খনতে অধ্যাপনাও কৰে আৰু উপাচাৰ্য‌ও হয় । এই ধাৰাৰ অৱসান ঘটাবলৈ এতিয়াৰে পৰা সৰ্বভাৰতীয় পৰ্যায়ত বিজ্ঞাপন দি উপযুক্ত উপাচাৰ্য চিনাক্ত কৰিব লাগিব । এই বিজ্ঞাপনৰ আধাৰত আবেদনকাৰীৰ মাজৰ পৰা তিনিজনীয়া পেনেল প্ৰস্তুত কৰি ৰাজ্যপালক দিব লাগিব । ৰাজ্যপালে তিনিওগৰাকী প্ৰাৰ্থীৰে সুকীয়া সুকীয়াকৈ সাক্ষাৎকাৰ লৈ যোগ্যজনক বাছনি কৰিব ।

সমান্তৰালকৈ প্ৰাৰ্থীকেইগৰাকীৰ বাসস্থানৰ সংশ্লিষ্ট জিলা আৰক্ষীৰ জৰিয়তে তেওঁৰ বিষয়ে প্ৰতিবেদন বিচৰা হ’ব । এনেদৰে বাছনি কৰা প্ৰাৰ্থীগৰাকীৰ বাসস্থানৰ সংশ্লিষ্ট জিলা আৰক্ষীৰ জৰিয়তে তেওঁৰ বিষয়ে প্ৰতিবেদন বিচৰা হ’ব । এনেদৰে বাছনি কৰা প্ৰাৰ্থীগৰাকীক ৰাজ্যপালে হাতে হাতে নিযুক্তি পত্ৰ প্ৰদান কৰিব আৰু ৰাজভৱনত নতুন উপাচাৰ্যক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱা হ’ব ।

ইফালে, অধ্যাপক নিযুক্তিৰ ক্ষেত্ৰতো যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলৈ উপাচাৰ্যসকলক নিৰ্দেশ দিয়াৰ কথা সদৰী কৰি ৰাজ্যপাল মুখীয়ে কয় যে নিযুক্তিৰ ক্ষেত্ৰত যাতে কোনো প্ৰাৰ্থীৰ প্ৰতি তিলমানো পক্ষপাতদুষ্ট আচৰণ কৰা নহয় । ৰাজ্যপাল মুখীয়ে এই বুলিও ক্ষোভ প্ৰকাশ কৰে যে বিশ্ববিদ্যালয়সমূহৰ যিকোনো অভাৱ-অভিযোগৰ বিষয়ে উপাচাৰ্যসকলে চৰকাৰলৈ কোনো পত্ৰ প্ৰেৰণ কৰিলে বা আন উপায়ে যোগাযোগ কৰিলে চৰকাৰে গুৰুত্ব নিদিয়ে । সেয়েহে বিশ্ববিদ্যালয়সমূহৰ সকলো অভাৱ-অভিযোগৰ বিষয়ে চৰকাৰক সঠিকভাৱে অৱগত কৰাবলৈ ৰাজভৱনত সুকীয়াকৈ ‘আচৰ্য সচিবালয়’ স্থাপন কৰা হৈছে । এই সচিবালয়ৰ মূল কাম হ’ল আচাৰ্য, উপাচাৰ্য আৰু ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ মাজত সমন্বয় স্থাপন কৰা । এই বিশেষ কামৰ বাবে এগৰাকী অতিৰিক্ত সচিব পৰ্যায়ৰ বিষয়াক দায়িত্ব দিয়া হৈছে । তেওঁৰ তলত শিক্ষা বিভাগৰ পৰা এজন উপ-সঞ্চালক আৰু আন দুজন কৰ্মচাৰী নিয়োগ কৰা হৈছে ।

ৰাজ্যপাল হিচাপে দায়িত্ব লোৱাৰ পাছত মুখীয়ে গ্ৰহণ কৰা আন এটা উল্লেখযোগ্য পদক্ষেপৰ কথা সদৰী কৰি তেওঁ কয় যে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত চলি অহা এক অনিয়মৰ বিষয়ে অভিযোগ লাভ কৰিছিল যে বিশ্ববিদ্যালয়খনত গৱেষণা কৰা ছাত্ৰ-ছাত্ৰীসকলে হিন্দী, বাংলা, সংস্কৃত ভাষাত অধ্যয়ন কৰিলেও গৱেষণা পত্ৰখন ‌ইংৰাজী ভাষাতহে লিখিব লাগে । ৰাজ্যপাল মুখীয়ে এই নিয়মৰ সংশোধন ঘটাই গৱেষক ছাত্ৰ-ছাত্ৰীসকলক হিন্দী, বাংলা বা আন যিকোনো ভাষাত গৱেষণা পত্ৰ দাখিল কৰাৰ সুবিধা প্ৰৱৰ্তন কৰা হৈছে ।

ইফালে, ডিব্ৰুগড় বিশ্ববিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়, অসম জাতীয় বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটী কমাৰ্চ কলেজত ৰাজ্যপালৰ কৰ্তৃত্বশীল পুঁজিৰ পৰা ১০ লাখ টকা আগবঢ়াই এই ধনৰাশি বেংকত ফিক্সড ডিপ’জিট কৰোৱাই বাৰ্ষিক সুদৰ ধনেৰে মেধাৱী ছাত্ৰ-ছাত্ৰীক ‘মেধাৱী শিক্ষাৰ্থীলৈ অসমৰ ৰাজ্যপালৰ পাৰদৰ্শিতা বঁটা’ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । আকৌ আই আই টি গুৱাহাটীলৈ ২০ লাখ টকাৰে অনুৰূপ ধৰণে এক পুঁজি আগবঢ়াই মেধাৱী শিক্ষাৰ্থীক স্বৰ্ণপদক আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে বুলি ৰাজ্যপালে সদৰী কৰে ।

মুখীয়ে লগতে কয় যে বিশ্ববিদ্যালয়সমূহত নামভৰ্তিৰ বাবে বৰ্তমানৰ ব্যৱস্থাৰ সংশোধন ঘটাই এক ‘কমন এডমিছন টেষ্ট’ অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ এখন কমিটী গঠন কৰি দিয়া হৈছে । একেদৰে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহত কাৰ্যকৰীকৰণৰ বাবে ৰাজ্যপালে ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ স’তেও মত‌ বিনিময় কৰাৰ কথা ব্যক্ত কৰে । বিগত সময়ছোৱাত ৰাজ্যপাল মুখীয়ে সকলোবোৰ বিশ্ববিদ্যালয়ৰ লগতে প্ৰতিখন জিলা ভ্ৰমণ কৰি জিলাসমূহৰ উন্নয়নমূলক কাম-কাজৰ বুজ লোৱাৰ কথাও সদৰী কৰে । কালিৰ সংবাদমেলত ৰাজ্যপাল মুখীয়ে ‘এন ইন্সপিৰেছন’ শীৰ্ষক তেওঁৰ বিগত কাৰ্যকালৰ কাম-কাজৰ খতিয়ান সম্বলিত গ্ৰন্থ এখনো উন্মোচন কৰে ।

Exit mobile version