অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক ফিফাই কৰিলে নিলম্বন

AFP 32GL27C

ভাৰতীয় ফুটবলৰ ক্ৰীড়ানুৰাগী সকলৰ বাবে এটা বেয়া খবৰ ৷ বিশ্ব ফুটবল বিশ্ব শীৰ্ষ অনুষ্ঠান ফিফাই তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ অল ইণ্ডিয়া ফেডাৰেচনক নিলম্বন কৰে৷উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি অল ইণ্ডিয়াফুটবল ফেডাৰেছনৰ অন্তভাগত অব্যাহত আছিল বাদ-বিসম্বাদ ৷ ফিফাৰ নিয়মাৱলী উলংঘনৰ অভিযোগো উদ্থাপিত হৈছিল৷ অৱশেষত ভাৰতীয় ফুটবল অনুৰাগীক হতাশ কৰি ফুটবলৎ বিশ্বৰ শীৰ্ষ সন্হাটোৱে অল ইণ্ডিয়া ফুটবল ফেডাৰেছনক অৱশেষত নিলম্বন কৰে ৷

ফিফাই এক বিবৃতিত কয়, তৃতীয় পক্ষৰ হস্তক্ষেপৰ বাবেই অল ইণ্ডিয়া ফুটবল ফেডাৰেছনক চলিত মাহৰ প্ৰাৰম্ভনীতে নিলম্বনৰ ভাবুকি দিছিল৷কিন্ত এই ভাবুকিকো গুৰুত্ব সহকাৰে নোলোৱাত ফিফাই তৎকালেই নিলম্বন কৰে অল ইণ্ডিয়া ফুটবল ফেডাৰেছনক ৷

ইপিনে ফিফাই আন এক বিবৃতিত স্পষ্ট কৰি দিয়ে যে এই নিলম্বনৰ পিছত চলিত বৰ্ষৰ অক্টোবৰ ১১ পৰা ৩০ অক্টোবৰলৈ ভাৰতত হ’ব লগা ১৭ বছৰ-মহিলা অনুৰ্ধ মহিলা বিশ্ব কাপ ফুটবল অনুষ্ঠিত নহ’ব। ৷ ফিফাই এই কঠোৰ সিদ্ধান্তৰ পিছত ১৭ বছৰ অনুৰ্ধ মহিলা বিশ্বকাপ ফুটবল আয়োজনৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিব বুলি মন্তব্য কৰে ক্ৰীড়া অনুৰাগীয়ে ৷ একপ্ৰকাৰ হতাশ হৈ পৰিল ফুটবল অনুৰাগী৷

Exit mobile version