দেশৰ স্বাধীনতাৰ ৭৬ সংখ্যক দিৱসৰ আনন্দ উছাহৰ মাজতে সোমবাৰে নিশা উত্তৰ গুৱাহাটীৰ ভেটামুখ নয়নপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড। বন্ধ কোঠা এটাৰ ভিতৰত ৰহস্যজনকভাবে উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। সন্দেহ কৰা মতে যুৱতী গৰাকীক ডিঙি চেপি হত্যা কৰা হৈছে ৷
ADVERTISEMENT
উদ্ধাৰ হোৱা মৃত যুৱতী গৰাকীক ঘৰ নগাঁও জিলাৰ জুৰীয়াৰ আছমীনা খাতুন বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে৷ আনহাতে যুৱতী গৰাকীক প্ৰেমিকাই হত্যা কৰি পিছত খিৰিকীৰে পলাই যোৱাৰ অভিযোগ কৰিছে পৰিয়ালবৰ্গই ৷ উল্লেখ্য যে উত্তৰ গুৱাহাটীৰ আমিনগাঁৱৰ উদ্যোগ পামৰ মিঠাই প্ৰস্তুতকৰণ কাৰখানাত কৰ্মৰত হৈ থকাৰ লগতে বসবাস কৰি আছিল ভাড়াঘৰ এটাত ৷
হত্যাকাণ্ডটোৱে সমগ্ৰ অঞলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে মাৰাথন তদন্ত ৷