নৃশংস হত্যা ,কটা মূৰ লৈ হাতত লৈ থানাত উপস্থিত হত্যাকাৰী

beheading

এক গাৰ নোম শিয়ৰী উঠা লোমহৰ্ষক হত্যাকাণ্ড মঙলবাৰে সংঘটিত হয় শোণিতপুৰৰ ৰঙাপাৰাত ৷ কটা মূৰ হাতত লৈ স্বয়ং হত্যাকাৰী উপস্থিত হয় ৰঙাপাৰা থানাত ৷ জানিব পৰা মতে ৰঙাপাৰাৰ দয়ালপুৰত টুনিৰাম মাদ্ৰী নাদৰ লোকজনে বইলৰ হেমৰম নামৰ আন এজন লোকক চোকা জাতীয় অস্ত্ৰৰে শিৰচ্ছেদ কৰে।

পিছত কটা মূৰ লৈ উপস্থিত হয় থানাত৷কি কাৰণত ভয়ংকৰ ঘটনাটো সংঘটিত হ’ল এই সম্পৰ্কত আৰক্ষীয়ে সদৰী কৰা নাই ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ৷
লোমহৰ্ষক ঘটনাটোক লৈ সমগ্ৰ ৰঙাপৰা অঞ্চলত অব্যাহত আছে চেপা উত্তেজনা ।

Exit mobile version