বাংগালুৰুত ৰহস্যজনকভাৱে মৃত্যু অসমৰ অভিযন্তাৰ

WhatsApp Image 2022 08 16 at 7.30.43 PM

এদিনৰ পূৰ্বে যুৱ অভিযন্তাজনে লাভ কৰিছিল পদোন্নতি ৷ কিন্তু পাছদিনাই ৰহস্যজনকভাৱে মৃত্যু হয় অসমীয়া যুৱ অভিযন্তাজনৰ ৷ এই শোকাৱহ ঘটনা সংঘটিত হয় বাংগালুৰুত ৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ত্ৰিদীপ কোঁৱৰ নামৰ যুৱ অভিযন্তা জন কৰ্মৰত হৈ আছিল বেংগালুৰুত ৷ কিন্ত ১৩ আগষ্টৰ পুৱতি নিশা ত্ৰিদীপ কোঁৱৰ এটা কেইবামহলীয়া বিল্ডিংৰ পৰা পৰি মৃত্যু হোৱাৰ সংবাদ আহে ৷ এই খবৰ পিছতে নাৰায়ণহপুৰৰ ত্ৰিদীপৰ পৰিয়ালৰ মাজত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় ৷ পিছত পিতৃ গৃহৰ লোক গৈ উপস্থিত হয় বেংগালুৰুত ৷ বেংগালুৰুত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকে নাৰায়ণপুৰলৈ বিমানযোগে লৈ আহে ৷ যুৱ অভিযন্তাজনৰ নশ্বৰ দেহ নাৰায়ণপুৰত উপস্থিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত বিৰাজ কৰে এক শোকাকুল পৰিৱেশৰ৷ বিৰাজ কৰে৷ কালি নিশাই পৰিয়াল আৰু গুণমুগ্ধৰ উপস্থিতিত ত্ৰিদিপ কোঁৱৰৰ শেষকৃত্য সম্পন্ন কৰা হয়।

উল্লেখ্য যে,বেংগালুৰুৰ “এ ৱেকোল” নামৰ প্ৰতিস্থিত কোম্পানী এটাত খাদ্য বিভাগৰ অভিযন্তা হিচাপে কৰ্মৰত আছিল ত্ৰিদীপ কোঁৱৰ।মনকৰিবলগীয়া যে এদিনৰ পূৰ্বেই ত্ৰিদিপে “এ ৱেকোল” কোম্পানীত লাভ কৰিছিল পদোন্নতি ৷ কিন্ত নিজে বাস কৰা ফ্লেটৰ কাষৰ অন্য এটা বিল্ডিং পৰা পৰি মৃত্যু হোৱা ঘটনাটোৱে বিশেষ ৰহস্যৰ সৃষ্টি কৰিছে ৷ আগদিনা পদোন্নতি পাছদিনা ৰহস্যজনক মৃত্যু ৷ এই ঘটনাক সহজভাৱে ল’ব পৰা নাই  ৷ ত্ৰিদিৱৰ উত্তৰণত ঈৰ্ষাম্বিত ভোগা কোনো সহকৰ্মীয়ে ত্ৰিদীপক পৰিকল্পিতভাৱে হত্যা কৰাৰ বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ পৰিয়ালৰ লোকে জানিব দিয়া মতে ,ঘটনা সংঘটিত হোৱাৰ নিশা প্ৰতিদিনৰ দৰে ত্ৰিদীপে নিজৰ ঘৰলৈ ফোন মাকৰ জৰিয়তে সকলো সদস্যৰ খা -খবৰ লৈছিল ৷ যুৱ অভিযন্তা ত্ৰিদ কোঁৱৰৰ ৰহস্যজনক মৃত্যুৰ এক ন্যায়িক তদন্তৰ দাবী কৰিছে ত্ৰিদীপৰ পৰিয়ালবৰ্গ আৰু নাৰায়ণৰ পুৰৰ ৰাইজে ৷ একেদৰে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড:হিম বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী কৰিছে নাৰায়ণপুৰ ছাত্ৰ সন্থাই ৷

Exit mobile version