স্বগৃহত উপস্থিত স্বৰ্ণকন্যা নয়নমণি

গায়ন-বায়নেৰে আদৰিলে ৰাইজে

pratidintime 2022 08 e6d7fe23 df0a 437b 8df7 8a6b4865f701 FZGN85SVUAEthDl

বাৰ্মিংহামত স্বৰ্ণ জয়ৰে বিশ্বক্ৰীড়াংগণত উজ্বলি অৱশেষত নিজ গৃহত উপস্থিত হয় লনবল খেলুৱৈ নয়নমণি শইকীয়া। স্বৰ্ণ জয়ী গৰাকীয়ে আজি দুপৰীয়া গোলাঘাটৰ ধনশিৰী মহকুমাত প্ৰৱেশ কৰাৰ পিছতে বৃহৎ সমদলেৰে আদৰি অনা হয় সৰুপথাৰ মহাবিদ্যালয় চৌহদলৈ ।

স্বৰ্ণ পদক প্ৰাপক খেলুৱৈ গৰাকীক কাষতে পাই সৰুপথাৰৰ ৰাইজ উৎফুল্লিত হৈ পৰে৷ ৰাজপথৰ পৰা গায়ন-বায়নেৰে আদৰি অনাৰ লগতে পথৰ ওপৰতে বিভিন্ন দল- সংগঠন আৰু স্থানীয় ৰাইজে ফুলাম গামোছা আৰু ফুলৰ থোপাৰে আদৰণি জনায়৷ নিজ বাসগৃহত ভৰি দিয়াৰ পিছতে নয়নমণিয়ে সাংবাদিকৰে হোৱা বাৰ্তালাপত কয়,মই আজি বৰ সুখী মোৰ ক্ৰীড়া উত্তৰণত জন্মথলী ধনশিৰিবাসী ৰাইজ সদায় সহায় সাৰথি হৈছিল৷আজি মোক মৰ যচাৰ বাবে বহু ধন্যবাদ জনাইছো৷ আগন্তুক দিনত মোৰ ওপজাভূমি ,অসম আৰু ভাৰতৰ মান উজ্বলাবলৈ চেষ্টা অব্যাহত ৰাখিম ৷

Exit mobile version