COVID-19 : ক’ভিড আপডেট

Covid kerala 3

দেশজুৰি ক’ভিডত দৈনিক আক্রান্তৰ লেখচিত্র ঊর্ধ্বমুখী হ’লেও বিগত ২৪ ঘণ্টাত বহু পৰিমাণে কমিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত দৈনিক আক্রান্তৰ সংখ্যা ৮,৮১৩ । দুমাহ পাছত দেশত দৈনিক সংক্রমিতৰ সংখ্যা পুনৰ আঠ হেজাৰ হৈছে । সোমবাৰে এই সংখ্যা আছিল ১৪,৯১৭ ।

ৰাজ্যভিত্তিক দৈনিক ক’ভিড সংক্রমণৰ ক্ষেত্রত এতিয়াও শীর্ষত ৰাজধানী । বিগত ২৪ ঘণ্টাত দিল্লীত দৈনিক আক্রান্তৰ সংখ্যা ১,২২৭ । দৈনিক সংক্রমণৰ তালিকাত ইয়াৰ পাছতে আছে কর্নাটক (১,২০৬), মহাৰাষ্ট্র (১,১৮৯) আৰু কেৰালা (৭৫৮) ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ ২৯ জনৰ মৃত্যু হৈছে । বিগত ২৪ ঘণ্টাত দিল্লীত মৃতৰ সংখ্যা সর্বোচ্চ । বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ দিল্লীত আঠজনৰ মৃত্যু হৈছে ।

তদুপৰি পঞ্জাৱত ছয়জন, উত্তৰ প্রদেশ, গুজৰাট আৰু জম্মু আৰু কাশ্মীৰত দুজন আৰু মহাৰাষ্ট্র, কেৰালা, ওড়িছা, ছত্তীছগঢ়, অসম, গোৱা, ত্রিপুৰা, ছিকিম আৰু নগালেণ্ডত এজনকৈ লোকৰ মৃত্যু হৈছে । সোমবাৰে এই সংখ্যা আছিল ৩২ । দেশত এই পর্যন্ত পাঁচ লাখ ২৯ হেজাৰ ৬৬১ জন ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ।

Exit mobile version