আজিৰ পৰা গুৱাহাটীত ১৩১ সংখ্যক ডুৰাণ্ড কাপ

WhatsApp Image 2022 08 17 at 2.24.41 PM

মহানগৰীৰ সৰুসজাইৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত আজিৰ পৰা আৰম্ভ হ’ব এছিয়া মহাদেশৰ প্ৰথম আৰু বিশ্বৰ তৃতীয় পুৰণি ১৩১ সংখ্যক ডুৰাণ্ড কাপ ফুটবল টুৰ্নামেণ্ট ৷ বিয়লী৫-৩০ বজাত অনুষ্ঠিত হ’বলগীয়া আকৰ্ষণীয় টুৰ্নামেণ্ট খেলখনত প্ৰতিদ্বন্দ্ব্বিতা কৰিব নৰ্থ ইষ্ট ইউনাইটেড বনাম ওড়িশা ফুটবল ক্লাব৷ ডুৰাণ্ড কাপৰ ১৩১ তম সংস্কৰণত প্ৰথমে অৱতৰণ কৰিব উৰিষ্যা এফ চি য়ে আৰু তাৰ পিছত থাকিব কেৰালা ব্লাষ্টাৰ্ছ । উল্লেখ্য যে গুৱাহাটীয়ে প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপ ফুটবল চেম্পিয়নশ্বিপ আৰম্ভ কৰিছে৷ই সৰুসজাই ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত গ্ৰুপ ‘ডি’ ৰ ১০ খন খেল অনুষ্ঠিত হ’ব ৷

উত্তৰ পূৰ্ব একমাত্ৰ ফুটবল টিম নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে আজি উদ্বোধনী খেলখনত মুখামুখি হ’ব উৰিষ্যা এফ চিৰ৷ সন্ধিয়া পাঁচ বজাৰ পৰা খেলৰ আৰম্ভৰ পূৰ্বে অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান৷ জনপ্ৰিয় গায়ক অংগৰাগ পাপন মহন্তই প্ৰস্তুত কৰি উলিওৱা ১৩১সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলৰ থীম ছংটো স্বয়ং পাপন আৰু মণিপুৰৰ প্ৰথিতযশা শিল্পী ৰেৱবান মাচাংৱাই পৰিবেশন কৰিব৷একেদৰে প্ৰদৰ্শিত হ’ব বিহু নৃত্য আৰু আৰ্মি বেণ্ডৰ লহৰ ৷

৪-৩০ বজাত হ’ব লগা উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা, অসম আৰক্ষী আৰু ভাৰতীয় সেনা আৰু অসম চৰকাৰৰ শীৰ্ষ বিষয়াই ৷ ডুৰাণ্ড কাপ ফুটবল উপভোগ কৰিবৰ বাবে আগ্ৰহী দৰ্শক সকলে সৰুচাজাই ক্ৰীড়া কমপ্লেক্স আৰু এছএআই ক্ৰীড়া কমপ্লেক্সত টিকট বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে ৷ তিনি প্ৰকাৰৰ টিকটৰ ব্যৱস্থা থকা টিকট সমুহৰ মুল্য নিৰ্ধাৰণ কৰা হৈছে ক্ৰমে ৫০ টকা,১০০ টকা আৰু ২৫০ টকা ৷

১৩১সংখ্যক সংস্কৰণৰ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা সমুহৰ গ্ৰুপ লীগ মেচবোৰ অনুষ্ঠিত হ’ব মণিপুৰৰ ৰাজধানী,নাইটি আৰু কলকাতাত অনুষ্ঠিত হ’ব ৷একেদৰে কোৱাৰ্টাৰ ফাইনেল, ছেমিফাইনেল আৰু ফাইনেল খেলৰ লগতে গ্ৰুপ ‘এ: আৰু ‘বি’মেচো অনুষ্ঠিত হ’ব কলকাতাতে ৷ গ্ৰুপ ‘চি’মেচ অনুষ্ঠিত দ’ব মণিপুৰত৷গুৱাহাটী খেলিব লগা গ্ৰুপ’ডি’ৰ টিম পাঁচটা হ’ল নৰ্থ ইষ্ট ইউনাইটেডএফ চি, ওড়িছা এফ চি, ছুডেবা দিল্লী এফচি, কেৰলা ব্লাষ্টাৰ্ছ এফ চি আৰু আৰ্মী গ্ৰীন ৷

Exit mobile version