বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু একে পৰিয়ালৰ তিনি সদস্যৰ

WhatsApp Image 2022 08 17 at 3.48.41 PM

খাদ্যৰ অভাৱত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি ফহা বনৰীয়া হাতীৰ ধাৰা উপদ্ৰৱে ত্ৰাসৰ সৃষ্টি কৰিছে বিটিআৰৰ বহু অঞ্চলত ৷ যোৱা নিশা ওদালগুৰি জিলাৰ মাজবাটৰ অসম-অৰুণাচল সীমান্তৱৰ্তী নিজৰা অঞ্চলত সংঘটিত হৈছে এক কৰুণ ঘটনা। অঞ্চলটোৰ কমলাবাৰীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে এটা পৰিয়ালৰে ৩ জনকৈ লোকৰ। নিহত লোক তিনিজন নবীন বড়ো (৫৭), যামিনী বড়ো (৩৭) আৰু দম্পতীৰ ১৮ মহীয়া কণমানি হাদানশ্বা বড়ো বুলি চিনাক্ত কৰে আৰক্ষীয়ে৷ ইতিমধ্যে ঘটনাথলীত বন বিভাগ আৰু আৰক্ষী উপস্থিত হৈ মৃতদেহ তিনিটাৰ মৰণোত্তৰ পৰীক্ষাৰ দিহা কৰে ৷

নিশা বনৰীয়া হাতীৰ জাক এটাই শুই থকা অৱস্থাত পৰিয়ালটোৰ বাসগৃহ ভাঙি চোৰমাৰ কৰাৰ লগতে আক্ৰমণ কৰে দুৰ্ভগীয়া পৰিয়ালটোক। বন্য হস্তীৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে সাতবছৰীয়া নিজৰা বড়ো নামৰ কন্যা শিশুটি ৷

ঘাটমাউৰা হৈ পৰা কন্যা শিশুটিৰ ভৰণপোষণৰ ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে আবছুৰ মাজবাট কমিটি সহ স্হানীয় ৰাইজে৷ অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত দিনক দিনে বৃদ্ধি পাবলৈ ধৰা হস্তী-মানুহৰ সংঘাট ৰোধৰ বাবে বন বিভাগক সময়োচিত কাৰ্য্য ব্যৱস্থাৰ দাবী কৰিছে আবছুৰ মাজবাট আঞ্চলিক কমিটিয়ে ৷ একে পৰিয়ালৰ এটি কণমানি শিশুসহ তিনিজন হাতীয়ে আক্ৰমণত নিহত হোৱা ঘটনাত গভীৰ শোকৰ ছাঁ পৰে কমলাবাৰী অঞ্চলত ৷

Exit mobile version