মঙলদৈত কিশোৰীৰ ৰহস্যজনক মৃত্যু

ঘটনাৰ তদন্তৰ বাবে উপস্থিত এছ আই টি টিম

164775 death 2

মঙলদৈৰ ধূলাৰ ১৩ বছৰীয়া কিশোৰীৰ ৰহস্যজনক মৃত্যু ঘটনাৰ তদন্তৰ বাবে আজি উপস্থিত হয় বিশেষ তদন্তকাৰী টিম চমুকৈ এছআইটি ৷ ঘটনাটোৰ চৰজমিন তদন্তৰ বাবে স্বয়ং মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা যোৱা সপ্তাহত উপস্থিত হৈছিল মঙলদৈত ৷

ঘটনাটোৰ গভীৰতালৈ নগৈ তদন্তত গাফিলতি কৰাৰ বাবে দৰংৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়, এএছপি ৰূপম ফুকন,ধূলা থানাৰ অ’চি উৎপল বৰা আৰু আই,অ আনোৱাৰ হুছেইনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ডিজিপিয়ে নিলম্বিত কৰিছিল ৷

উল্লেখ্য যে, এছ এছ বি জোৱান কৃষ্ণ কমল বৰাই ধৰ্ষণ কৰাৰ অভিযোগ কৰিছিল কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে ৷

Exit mobile version