COVID-19 : ক’ভিড আপডেট

0.64708800 1655309418 0

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত দৈনিক আক্রান্তৰ সংখ্যা ৯,০৬২ । মঙলবাৰে এই সংখ্যা আছিল ৮,৮১৩ । ৰাজ্যভিত্তিক দৈনিক ক’ভিড সংক্রমণৰ ক্ষেত্রত দিল্লীকে পিছ পেলাই শীর্ষত কর্নাটক । বিগত ২৪ ঘণ্টাত কর্নাটকত দৈনিক আক্রান্তৰ সংখ্যা ১,১২১ । দৈনিক সংক্রমণৰ তালিকাত ইয়াৰ পাছতে আছে দিল্লী (৯১৭), মহাৰাষ্ট্র (৮৩৬) আৰু তামিলনাডু (৬৭০) ।

ৰাজধানীত দৈনিক সংক্রমণৰ হাৰ বাঢ়ি ২০ শতাংশ হৈছে । দিল্লীৰ উপমুখ্যমন্ত্রী মণীশ ছিছৌদিয়াই জনাইছে, দিল্লীৰ হাস্পাতালবোৰত কৰ’নাত আক্রান্ত হৈ যিসকল ভর্তি হৈছে, তাৰ ভিতৰত ৯০ শতাংশ‌ই কৰ’নাৰ দুটা টিকা লৈছে । মাত্র ১০ শতাংশ‌ই বুষ্টাৰ টিকা লৈছে । অর্থাৎ, যিসকলে বুষ্টাৰ টিকা লৈছে, তেওঁলোকৰ কৰ’নাত আক্রান্ত হোৱাৰ সম্ভাৱনা কম ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ ৩৬ জনৰ মৃত্যু হৈছে । বিগত ২৪ ঘণ্টাত ক’ভিড আক্রান্ত হৈ কেৰালা আৰু পঞ্জাৱত ছয়জন আৰু কর্নাটকত পাঁচজনৰ মৃত্যু হৈছে । তদুপৰি ৰাজস্থান আৰু দিল্লীত তিনিজন, উত্তৰাখণ্ড, হিমাচল প্রদেশ, মহাৰাষ্ট্রত দুজন আৰু ওড়িছা, পশ্চিমবংগ, গুজৰাট, হাৰিয়ানা, চণ্ডীগড়, ছিকিম, লাদাখত এজনকৈ লোকৰ মৃত্যু হৈছে । মঙলবাৰে এই সংখ্যা আছিল ২৯ । দেশত এই পর্যন্ত পাঁচ লাখ ২৯ হেজাৰ ৬৯৭ জন লোক ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ।

পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ কমি হ’ল ২.৪৯ শতাংশ । মঙলবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ৪.১৫ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ১৫,২২০ জন সুস্থ হৈছে । দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩৬ লাখ ৫৪ হেজাৰ ৬৪ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৫৭ শতাংশ । এই পর্যন্ত দেশত ২০৮ কোটি ৫৭ লাখ ১৫ হেজাৰ ২৫১ টিকাকৰণ হৈছে ।

Exit mobile version