Rohingyas : দিল্লীত ৰোহিংগিয়া শৰণার্থীক ফ্লেট আৰু আৰক্ষীৰ নিৰাপত্তা দিব কেন্দ্রীয় চৰকাৰে

Rohingyas

ৰোহিংগিয়া শৰণার্থীসলক ফ্লেট দিব কেন্দ্রীয় চৰকাৰে । লগতে ২৪ ঘণ্টা তেওঁলোকৰ প্রহৰাত থাকিব দিল্লী আৰক্ষীও । কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ উচ্চ পর্যায়ৰ বৈঠকৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে বুলি জনাইছে কেন্দ্রীয় মন্ত্রী হৰদীপ সিং পুৰীয়ে ।

কেন্দ্রীয় মন্ত্রী পুৰীয়ে টুইটাৰত জনাইছে, কেন্দ্রীয় চৰকাৰে দিল্লীৰ বক্কৰৱালাত ৰোহিংগিয়া শৰণার্থীসকলক ফ্লেট দিব । তেওঁ লিখে, ‘ভাৰতে দেশত আশ্রয়প্রার্থীসকল স্বাগত জনাইছে । এটা অত্যন্ত গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হৈছে । ৰোহিংগিয়া শৰণার্থীসকলক দিল্লীৰ বক্কৰৱালা অঞ্চলৰ অর্থনৈতিকভাৱে দুর্বল শ্রেণীৰ বাবে নিৰ্মাণ কৰা ফ্লেটত (ইডব্লুএছ) প্ৰেৰণ কৰা হ’ব । তেওঁলোকক সাধাৰণ সুযোগ-সুবিধা দিয়া হ’ব আৰু দিল্লী আৰক্ষী ২৪ ঘণ্টা নিৰাপত্তাৰ বাবে থাকিব । ইয়াৰ পাছতেই তেওঁ বিৰোধীসকলক কটাক্ষ কৰি লিখে, যিসকলে ভাৰতৰ শৰণার্থী নীতিক চিএএ-ৰ স’তে সংযোগ কৰি বিৰোধিতা কৰি নিজৰ কেৰিয়াৰ নিৰ্মাণ কৰাত অভ্যস্ত, তেওঁলোকৰ বাবে দুঃসংবাদ ।

সংবাদ সংস্থা এএনআইৰ বাতৰি অনুযায়ী, মদনপুৰ সদৰ কেম্পত বসবাসকাৰী ১,১০০ জন ৰোহিংগীয়া শৰণার্থীক বক্কৰৱালাৰ ২৫০টা ইডব্লুএছ ফ্লেটলৈ লৈ যোৱা হ’ব । দিল্লী আৰক্ষীয়ে নিৰাপত্তাৰ ব্যৱস্থা কৰিব । দিল্লীৰ চৰকাৰৰ সমাজ কল্যাণ দপ্তৰে এই ফ্লেটগুবোৰত ফেন, তিনি বেলাৰ খাদ্য, টেলিফোন, টেলিভিছন অন্যান্য নিত্য প্রয়োজনীয় সুযোগ-সুবিধাৰ ব্যৱস্থা কৰিব । কৰ’না কালত এই ফ্লেটবোৰ ক’ভিড কেম্প হিচাপে ব্যৱহাৰ হৈছিল ।

Exit mobile version