Saudi Woman : টুইটাৰ ব্যৱহাৰৰ বাবে ৩৪ বছৰৰ কাৰাদণ্ড যুৱতীক ! কিয় ?

Screenshot 406

লিড্‌ছ বিশ্ববিদ্যালয়ৰ ছৌদি আৰৱৰ এগৰাকী ছাত্রী । ছুটিত ঘৰলৈ উভতি আহিছিল । অকস্মাৎ তেওঁৰ ৩৪ বছৰৰ জেল হৈ গ’ল । কিয় ? কেৱল টুইটাৰৰ বাবে । এটা টুইটাৰ একাউন্ট ব্যৱহাৰ কৰিবৰ বাবে এই কাণ্ড ।

উক্ত টুইটাৰটো ফলো কৰাৰ বাবে তেওঁৰ এই শাস্তি । দণ্ডপ্রাপ্ত মহিলা ব্রিটেইনৰ এই ইউনিভাৰ্চিটিৰ পিএইচডি ষ্টুডেন্ট । তথ্য অনুসৰি, ইমান দীর্ঘ সময়ৰ বাবে জেলহাজোতৰ ঘটনা স্মৰণ কালৰ ভিতৰত ঘটা নাই কোনো ছৌদি নাৰীৰ ক্ষেত্রত । তেওঁৰ নাম ছালমা-অল-ছেহাব । এটা স্পেচিয়েল টেৰ’ৰিষ্ট আদালতত তেওঁক প্রাথমিকভাৱে তিনি বছৰৰ কাৰাদণ্ড দিয়া হৈছিল । কিন্তু পাছত কোৱা হয় ছালমাৰ কাৰ্য জনগণৰ বাবে হানিকাৰক আৰু ই জাতীয় সুৰক্ষা বিঘ্নিত কৰে, দেশের অভ্যন্তরীণ সামাজিক পৰিস্থিতিকো বিশৃংখল কৰে । ইয়াৰ পাছতেই ছালমাৰ শাস্তি বাঢ়ি যায় । কেৱল ইমপ্রিজনমেন্টেই নহয়, তেওঁৰ ভ্রমণতো ৩৪ বছৰৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

অৱশ্যে মানৱ অধিকাৰ সংগঠনবোৰে মুখ বন্ধ কৰি থকা নাই । হিউমেন ৰাইটছ ফাউণ্ডেছন, দ্য ফ্রিডম ইনিচিয়েটিভ ইত্যাদি গোষ্ঠীবোৰে ছালমাৰ মুক্তিৰ বাবে মাত মাতিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে । সংগঠনবোৰৰ তৰফৰ পৰা জনোৱা হৈছে, তেওঁলোকে ছালমাৰ মুক্তি দাবী জনাব ছৌদি চৰকাৰক । ছালমাক যেন তেওঁৰ সন্তানসকলৰ ওচৰত উভতি আহিবলৈ দিয়া হয় । তেওঁক যেন তেওঁৰ পঢ়া-শোনা সমাপ্ত কৰাৰো সুযোগ দিয়া হয় । নাৰী অধিকাৰ ৰক্ষাকর্মীসকলৰ সংগঠনবোৰো বিষয়টোক লৈ সৰৱ হৈছে ।

অভিযোগ, বিশেষ টুইটাৰ একাউন্টটো ব্যৱহাৰ কৰিছে মহিলাগৰাকীয়ে, সেই একাউন্টটোৰ মাধ্যমত সামাজিক অস্থিৰতা আৰু সংকটজনক পৰিস্থিতি সৃষ্টি কৰা হয় । যিয়ে নানান সমস্যা সৃষ্টি কৰিছে । জনগণৰ সুৰক্ষা বিঘ্নিত হয় । ইউনাইটেড ষ্টেটছ কমিছনে আন্তর্জাতিক ধর্মীয় স্বাধীনতাৰ ক্ষেত্রত কৈছে, ছেহাবৰ বিশেষ ধর্মীয় পৰিচয়েই হয়তো কোনোভাৱে তেওঁৰ গ্রেপ্তাৰী আৰু এই শাস্তিৰ কাৰণ ।

Exit mobile version