আৰক্ষীৰ জিম্মাৰ পৰা পলাতক মোষ্ট ৱাণ্টেড কুখ্যাত অপৰাধী গেৰজাইৰ গণ প্ৰহাৰত মৃত্যু

Capture 92

দীৰ্ঘদিন ধৰি ঢকুৱাখানা অঞ্চলত বিভিন্ন অপৰাধমুলক কাৰ্যৰে ত্ৰাসৰ সৃষ্টি কৰা কুখ্যাত অপৰাধী গেৰজাই অৱশেষত গণ প্ৰহাৰত মৃত্যু হয় ৷

ADVERTISEMENT

মঙলবাৰে পূৰ্বৰ বহু গোচৰত বন্দী কৰা ম’ষ্ট ৱান্টেড গেৰজাইক আৰক্ষীয়ে ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰিব আনিছিল যদিও আৰক্ষী জিন্মাৰ পৰা পলায়ন কৰে ৷ আজি কাহিলীপুৱাতে ঘিলামৰা থানাৰ অধীনস্থ কিলাকিলি নদীৰ পাৰত বাট চ’ৰা মুখৰ গাঁওৰক্ষী বাহিনীয়ে পাইচাৰি কৰি থকা অৱস্থাত গেৰজাইক আটক কৰে ৷

সেই সময়ত ঘটনাথলীত উপস্থিত হোৱা উত্তেজিত ৰাইজে গেৰজাইক গৃহৰক্ষী বাহিনীৰ পৰা ধৰি আনি উপযুপৰি প্ৰহাৰ কৰে ৷ পিছত আৰক্ষীয়ে মুৰ্মষ অৱস্থাত উদ্ধাৰ কৰি গেৰজাইক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় দুধৰ্ষ অপৰাধীটোৰ |

আনহাতে, গণ প্ৰহাৰৰ পৰা গেৰজাইক উদ্ধাৰ কৰিবলৈ গৈ ৰাইজৰ প্ৰহাৰত আহত হয় গৃহৰক্ষী গুণাভি বৰুৱা আৰু আৰক্ষী জোৱান যজ্ঞোৰাম চিন্তে৷দুয়োকে উন্নত চিকিৎসাৰ বাবে প্ৰেৰ কৰা হয় লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ ৷

Exit mobile version