জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ অৱস্থা সংকটজনক

WhatsApp Image 2022 08 18 at 9.10.22 PM

দেশৰ জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ অৱস্থা সংকটজনক ৷ ১০ আগষ্টৰ পৰা এইমছত চিকিৎসাধীন হৈ থকা কমেডিয়ান জনৰ মস্তিস্ক ক্ৰমাৎ অচল হৈ পৰিছে ৷ নদিন ধৰি ভেন্টিলেটৰত থকা কমেডিয়ান জনে জীমত ব্যায়াম কৰি থাকোতেই হাৰ্ট এটেক হৈছিল ৷ তাৰ পিচৰে পৰা তেওঁ এইমছত চিকিৎসাধীন হৈ আছে ৷ আজি শ্ৰীবাস্তৱৰ অৱস্থা অতি সংকটজনক হোৱাৰ পিছতে পৰিয়ালৰ লোকক মতা হয় এইমছলৈ ৷
১৯৮০ত হাস্য ব্যংগ কমেডিয়ান হিচাপে সুধী সমাজৰ মাজত পৰিচিত হৈ পৰাৰ পিছত ২০০৫ ত’গ্ৰেইট লাফটাৰ চেলেন্স’ৰ কমেডি ‘শ্ব’ত ভাগ লয় ৷ গই শ্ব’টোৰ জৰিয়তে দেশ- বিদেশত জনপ্ৰিয় হৈ পৰে ৰাজু শ্ৰীবাস্তৱ৷ তেওঁ ‘বিগবছ’ত ভাগ লৈছিল ৷ আনহাতে কমেডিয়ান হিচাপে জনপ্ৰিয় হৈ পৰা শ্ৰীবাস্তৱ বলিউডত প্ৰৱেশ কৰি ‘মেইনে প্যাৰ কিয়া’ ‘বাজিগৰ’বম্বে টু গোৱা আদি কেইবাখনো হিন্দী কথাছবিত কমেডিয়ান হিচাপে অভিনয় কৰিছিল ৷
শ্ৰী বাস্তৱ এইমছত চিকিৎসাধীন হোৱাৰ পিছৰে পৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে পৰিয়ালৰ সৈতে মনবিনিময় কৰি স্বাস্থ্যৰ বুজ লয় ৷ উল্লেখ্য যে ৰাজু শ্ৰীবাস্তৱ তেওঁৰ গৃহৰাজ্য উত্তৰ প্ৰদেশ চলচিত্ৰ উন্নয়ণ পৰিষদৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷
জনপ্ৰিয় কৌতুক অভিনেতাজনৰ আশু আৰোগ্য কামনা কৰিছে দেশ-বিদেশৰ অনেক গুনমুগ্ধই ৷

Exit mobile version