COVID-19 : ক’ভিড আপডেট

covid test 1658727675

বিগত দুদিন ধৰি দেশজুৰি কৰ’না সংক্রমণ ১০ হেজাৰৰ তলত নামিলেও বিগত ২৪ ঘণ্টাত পুনৰ ১২ হেজাৰৰ অধিক হৈছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত দৈনিক আক্রান্তৰ সংখ্যা ১২,৬০৮ । বুধবাৰে এই সংখ্যা আছিল ৯,০৬২ ।

ৰাজ্যভিত্তিক ক’ভিড পৰিস্থিতি অনুসৰি, দৈনিক সংক্রমণৰ ক্ষেত্রত দিল্লী আৰু কর্নাটকক পিছ পেলাই শীর্ষত আছে মহাৰাষ্ট্র । বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্রত দৈনিক আক্রান্তৰ সংখ্যা ১,৮০০ । দৈনিক সংক্রমণৰ তালিকাত ইয়াৰ পাছতে আছে দিল্লী (১,৬৫২), কেৰালা (১,১৫১), কর্নাটক (৮৮৬) আৰু হাৰিয়ানা (৭২৫) ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ ৭২ জনৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত কেৰালাত যোৱা ২৪ ঘণ্টাত মৃতৰ সংখ্যা সর্বোচ্চ । যোৱা ২৪ ঘণ্টাত কেৰালাত ২৯ জন কৰ’নাত আক্রান্ত হৈ মৃত্যু হৈছে ।

ইয়াৰ উপৰি ৰাজধানীত আঠজন, মহাৰাষ্ট্রত ছয়জন, হাৰিয়ানাত পাঁচজন আৰু পশ্চিমবংগ আৰু পঞ্জাৱত চাৰিজন আৰু কর্নাটকত তিনিজনৰ মৃত্যু হৈছে । ৰাজস্থান, গুজৰাট, উত্তৰ প্রদেশ, ওড়িছা আৰু ছত্তীছগঢ়ত দুজন আৰু চণ্ডীগড়, উত্তৰাখণ্ড আৰু মধ্যপ্রদেশত এজনকৈ লোকৰ মৃত্যু হৈছে । বুধবাৰে এই সংখ্যা আছিল ৩৬ । দেশথ এই পর্যন্ত পাঁচ লাখ ২৯ হেজাৰ ৭৬৯ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে ।

পৰিসংখ্যা অনুযায়ী, যোৱা ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ বাঢ়ি হ’ল ৩.৪৮ শতাংশ । বুধবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ২.৪৯ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত ১৬,২৫১ জন লোক ক’ভিডমুক্ত হৈছে । দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩৬ লাখ ৭০ হেজাৰ ৩১৫ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৫৮ শতাংশ । এই পর্যন্ত দেশত ২০৮ কোটি ৯৫ লাখ ৭৯ হেজাৰ ৭২২ টিকাকৰণ হৈছে ।

Exit mobile version