দিনটোৰ ৰাশিফল

16503614614344

মেষঃ মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপোনাৰ উপস্থিত বুদ্ধিৰ দ্বাৰা আঁতৰাব পাৰিব । সাহস আৰু দক্ষতা সমভাৱে লাভ কৰি উপকৃত হ’ব । কৰ্মস্থানত আনন্দ । প্ৰেমত আনন্দ ।

বৃষঃ বিদ্যাত দুশ্চিন্তাৰ মাজেদি শুভ ইংগিত পাব । বিয়া-বাৰু বা উৎসৱ আদিত যোগদান কৰক । মাতৃৰ শৰীৰ চিন্তা । আৰ্থিকত ব্যয় বৃদ্ধি পাব । ব্যৱসায়ত মধ্যম ।

মিথুনঃ মধ্যম দিন হ’লেও কৰ্মস্থানত ভালেই । আৰ্থিকত বেয়া নহ’ব । দায়িত্বপূৰ্ণ কামত মাংগলিক কৃতকাৰ্য হোৱাৰ সম্ভাৱনা । বিদ্যাত শুভ ফল । শৰীৰ মধ্যম ।

কৰ্কটঃ সহযোগীৰ সহায়ত উৎসাহ পাব । প্ৰতাৰকৰ বাবে দুশ্চিন্তা থাকিব । কৰ্মস্থানত আয় বৃদ্ধি কাৰক । নতুন কোনো কামত সফল হ’ব । প্ৰেমত আনন্দ ।

সিংহঃ আচৰিত কথাৰ সম্ভেদ পাব । আৰ্থিকত কিছু কষ্ট । শৰীৰ সম্পৰ্কে উদাস নহ’ব । বিদ্যাত বেয়া বোলা নাযায় । ভ্ৰমণত অলপ সাৱধান থাকক । ঘৰুৱা শুভ ।

কন্যাঃ মজলীয়াভাৱে দিনটো পাৰ হ’ব । কৰ্মক্ষেত্ৰত সহকৰ্মীৰ অলপ সতৰ্ক থকাটো উচিত হ’ব । প্ৰেম-প্ৰীতিত উদাস চিন্তা । প্ৰেমত মধ্যম । দাম্পত্য জীৱন পূৰ্বানুৰূপ ।

তুলাঃ শৰীৰৰ পূৰ্বৰ তুলনাত আশাপ্ৰদ আগতে ভবা কথা আৰু কামৰ লগত আনৰ বিভেদ থাকিব । উচ্চ বিদ্যাত সাফল্য লাভ । আৰ্থিক আয় বৃদ্ধি পাব । কোনো প্ৰি‌য় লোকৰ যোগাযোগত আনন্দ ।

বৃশ্চিকঃ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কিছু উচ্চ চিন্তা থাকিব আৰু সফলতাও পাব । কৰ্মস্থানত উন্নত আশা নকৰাই ভাল । পঢ়াত মনোনিবেশ কৰিব । ভ্ৰমণত সাৱধান ।

ধনুঃ দিনটোত পাৰিপাৰ্শ্বিক বাধা-বিঘিনিৰ কাৰণে মনটো গধুৰ হৈ থাকিব । শৰীৰৰ প্ৰতি আওকাণ নকৰিব । কৰ্মত খ্যাতি বুদ্ধিৰ যোগ । পিতৃৰ পৰা সহানুভূতি লাভ কৰিব ।

মকৰঃ কৰ্মত মজলীয়া প্ৰভাৱ পৰিব । নিজৰ মান-সন্মানৰ ক্ষেত্ৰত সচেতন হ’ব । বিদ্যাত ধৈৰ্য ধৰক । পাৰিবাৰিক সামান্য উৎকণ্ঠা দেখা যায় । ভ্ৰমণত দ্ৰব্য লাভ কৰিব । ব্যৱসায়ত আশাপ্ৰদ । উন্নতিৰ যোগ ।

কুম্ভঃ নিজৰ উদ্দেশ্য সাধনত ব্ৰতি হ‌ওক । কৰ্মত দক্ষতা থাকিব । ব্যৱসায়-বাণিজ্য, উদ্যোগ আদিত সফলতাৰ ইংগিত দেখা যায় । পঢ়া-শুনাত শুভ । পিতৃ-মাতৃৰ চিন্তা ।

মীনঃ যত্নৰ দ্বাৰা বিদ্যাত সাফল্য লাভ । আৰ্থিকত ব্যয় বৃদ্ধি পাব । কোনো দূৰ বাৰ্তাত আনন্দ লাভ, বেংক কৰ্মচাৰীৰ শুভ । কোনো কাৰণত মন চঞ্চল থাকিব । প্ৰেমত শুভ ।

Exit mobile version