COVID-19 : ক’ভিড আপডেট

Covid kerala 3

দেশত দৈনিক কৰ’না সংক্রমণ পুনৰ ঊর্ধ্বমুখী । বৃহস্পতিবাৰৰ তুলনাত শুকুৰবাৰে দৈনিক আক্রান্তৰ সংখ্যা বাঢ়িল । অৱশ্যে দৈনিক মৃত্যুৰ সংখ্যা কিছু কমিছে ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কৰ’নাত সংক্রমিত হৈছে ১৫ হেজাৰ ৭৫৪ জন । বৃহস্পতিবাৰে এই সংখ্যা আছিল ১২ হেজাৰ ৬০৮ । এদিনত দেশত ক’ভিডত মৃত্যু হৈছে ৪৭ জনৰ । কালি এই সংখ্যা আছিল ৭২ ।

সম্প্ৰতি দেশত মুঠ ৰোগীৰ সংখ্যা এক লাখ এহেজাৰ ৮৩০ । এই পর্যন্ত দেশত ভাইৰাছত মুঠ মৃত্যু হৈছে পাঁচ লাখ ২৭ হেজাৰ ২৫৩ জনৰ । দেশত ৯৮.৫৮ শতাংশ লোক সুস্থ হৈছে ।

দৈনিক সংক্রমণৰ হাৰ ৩.৪৭ শতাংশ । বিগত ২৪ ঘণ্টাত দেশত সুস্থ হৈছে ১৫ হেজাৰ ২২০ জন । এই পর্যন্ত দেশত মুঠ ২০৯.২৭ কোটি টিকাকৰণ কৰা হৈছে ।

Exit mobile version