কাইলৈৰ পৰা আৰম্ভ হ’ব ৰাজ্যৰ ৩০ হাজাৰ তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা । ইতিমধ্যে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ দ্বাৰা সম্পন্ন হ’বলগীয়া ৰাজ্য চৰকাৰৰ ৪৮ টা বিভাগৰ নিযুক্তি পৰীক্ষাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে । এক সংবাদমেল যোগে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত কয় যে , ২১ আগষ্টত ২৩ খন জিলাত,২৮ আগষ্টত ২৪ খন জিলাত আৰু ১১ ছেপ্তেম্বৰত ২৩ খন জিলাত এই নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব । ইয়াৰে চতুৰ্থ বৰ্গৰ পৰীক্ষা সমূহ দুটা আৰু তৃতীয় বৰ্গৰ পৰীক্ষা সমূহ তিনিটা পৰ্যায়ত সম্পন্ন হ’ব । ৰাজ্যৰ মুঠ ৩,০২৬ টা কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাত প্ৰতিটো বিভাগৰে একেখন প্ৰশ্নকাকতৰে পৰীক্ষা অনুষ্ঠিত হ’ব যদিও তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে সুকীয়া প্ৰশ্নকাকত থাকিব । সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটো সুকলমে সম্পন্ন কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা একোজনকৈ উচ্চ পদস্থ বিষয়া আৰু ছেবাৰ পৰা একোজনকৈ ৰাজপত্ৰিত বিষয়াক নিয়োগ কৰা হ’ব । সৰ্বমুঠ ১৪ লাখ ৩০ হাজাৰ ৪৩৭ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’বলগীয়া এই পৰীক্ষাত কোনোধৰণৰ ব্যাঘাত নহ’বলৈ পৰীক্ষা কেন্দ্ৰ সমূহৰ পৰা ১০০ মিটাৰ দূৰত্বলৈকে ১৪৪ ধাৰা জাৰি কৰা হ’ব লগতে প্ৰৱেশৰ সময়ত প্ৰতিজন পৰীক্ষাৰ্থীক তন্ন-তন্নকৈ তালাচী চলোৱা হ’ব যাতে কোনো প্ৰাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ যিকোনো ইলেকট্ৰনিক সামগ্ৰী , ম’বাইল ফোন ,স্মাৰ্ট ঘড়ী , ব্লুটুথ ডিভাইচ ,হেডফ’ন ,মাইক্ৰফোন ,কেলকুলেটৰ,পেন ড্ৰাইভ আৰু কাগজৰ টুকুৰা আদি নিব নোৱাৰিব । কোনো প্ৰাৰ্থীৰ লগত যদি নিষিদ্ধ সামগ্ৰী উদ্ধাৰ হয় তেন্তে প্ৰাৰ্থীজনৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব । অৱশ্যে বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ ক্ষেত্ৰত কিছু শিথিলতা অৱলম্বন কৰা হ’ব । ইফালে ৰাজ্য চৰকাৰে কৰা ঘোষণা অনুসৰি পৰীক্ষা অনুষ্ঠিত হোৱা সময়ত পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে দিনৰ ১০ বজাৰ পৰা দূপৰীয়া ১২ বজালৈ আৰু বিয়লি ২ বজাৰ পৰা আবেলি ৪ বজালৈ সকলো ইন্টাৰনেট সেৱা বন্ধ থাকিব । উল্লেখনীয় যে এই পৰীক্ষাত হিন্দী ভাষাত প্ৰশ্নকাকত দিয়াক লৈ সৰ্বত্ৰে চৰ্চা চলি থকাৰ মাজতে অধ্যক্ষ গৰাকীয়ে এই কথা স্পষ্ট কৰি কয় যে, অসমৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন থকা আৰু আধাৰ কাৰ্ড থকা প্ৰাৰ্থীয়েহে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব ,পাৰিব ।
কাইলৈৰ আৰম্ভ হ’ব তৃতীয়-চতুৰ্থ বৰ্গ পদৰ নিয়োগ পৰীক্ষা, কেন্দ্ৰ সমূহৰ পৰা ১০০ মিটাৰ দূৰত্বলৈকে ১৪৪ ধাৰা জাৰি
-
By publisher

- Categories: Assam, Education, News
- Tags: SEBA examination
Related Content
বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস
By
publisher
April 25, 2026
Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু
By
Editor
April 25, 2026
Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
By
publisher
April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ'ব সামাজিক মাধ্যম
By
publisher
April 25, 2026
৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত
By
publisher
April 25, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত
By
publisher
April 25, 2026