তুৰ্কীৰ দক্ষিণ-পূৰ্বাঞ্চলত আজি আবেলি সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন সাংবাদিক সহ ১৫ জন নিহত হোৱাৰ বিপৰীতে আহত হয় প্ৰায় ২২জনকৈ লোক৷
দেশখনৰ গাজিয়ানটেপ ৰাষ্ট্ৰীয় ঘাই পথেদি গৈ থকা অৱস্থাত এখন এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আৰু সাংবাদিক ভৰ্তি বাছৰ মাজত হয় মুখামুখি সংঘৰ্ষ ৷ইয়াৰ ফলত ১৫ জন নিহত হোৱাৰ বিপৰীতে কমেও ২২জন গুৰুত্বৰভাৱে আহত হয় ৷
আহত সকলক ততাতৈয়াকৈ গাজিয়ানটেপ হাস্পতালত ভৰ্তি কৰা হয় বুলি নিশ্চিত কৰে গাজিয়ানটেপ প্ৰদেশৰ গভৰ্ণৰ দাভুত গুলে ৷ উল্লেখ্য যে প্ৰথমে যাত্ৰীবাহী বাছখনে এম্বুলেন্স আৰু অগ্নিনিৰ্বাপক গাড়ী সন্মুখৰ পৰা প্ৰচণ্ড খুন্দা মাৰে বুলি জানিব দিয়ে আৰক্ষীয়ে ৷