হিমাচলত ডাৱৰ বিস্ফোৰণ, তিনিজনৰ মৃত্যু, সন্ধানহীন ১৩ গৰাকী

WhatsApp Image 2022 08 20 at 4.58.30 PM

হিমালয়ৰ পাদদেশৰ ৰাজ্য হিমাচল প্ৰদেশত শনিবাৰে দুপৰীয়াৰ পৰা হোৱা মুষলধাৰ বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ ফলত পাহাৰৰ পৰা নামি আহে পানীৰ ঢল ৷ পানীৰ ঢলে নিমিষতে সৃষ্টি কৰে ভূমিস্খলনৰ ৷ ইয়াৰ ফলত মৃত্যু হয় একে পৰিয়ালৰ তিনিজনকৈ লোকৰ ৷ আনহাতে সন্ধানহীন হয় তেৰজনকৈ লোক ৷

চাম্বা জিলাত বানৰ ফলত সংঘটিত হোৱা ভূমি স্খলনত এটা ঘৰ ভাঙি চুৰ মাৰ হয় ৷ বাসগৃহটোত থকা তিনিজন লোকৰ থিতাতে মৃত্যু হয় আনহাতে হামিৰপুৰ জিলাতহ হোৱা বানত আৱদ্ধ হোৱা ২২ জন লোকক এছ ডি আৰ এফৰ জোৱানে উদ্ধাৰ কৰিছে ৷ প্ৰৱল বৃষ্টিপাতৰ বাবে কুল্লু আৰু মন্দীৰউপায়ুক্তই জিলাখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ বন্ধ ঘোষনা কৰিছে ৷ মুখ্যমন্ত্রী জয় ৰাম ঠাকুৰে বানত তিনিজনলোকৰ মৃত্যু হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে দুৰ্ভগীয়া পৰিয়ালটিক যথাসম্ভব সকলো ধৰণৰ সহায় কৰাৰ আশ্বাস দিয়ে ৷

Exit mobile version