COVID-19 : ক’ভিড আপডেট

corona test 2 1656128331

বিগত তিনি দিন ধৰি দেশত ক’ভিডত দৈনিক আক্রান্তৰ লেখচিত্র নিম্নমুখী হ’লেও ১০ হেজাৰৰ ওপৰতেই আছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত দৈনিক আক্রান্তৰ সংখ্যা ১১,৫৩৯ । শনিবাৰে এই সংখ্যা আছিল ১৩,২৭২ । ৰাজ্যভিত্তিক দৈনিক সংক্রমণৰ শীর্ষত মহাৰাষ্ট্র ।

যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্রত দৈনিক আক্রান্তৰ সংখ্যা ১,৮৫৫ । দৈনিক সংক্রমণৰ তালিকাত ইয়াৰ পাছতে আছে কর্নাটক (১,৭১৩), দিল্লী (১,১০৯), কেৰালা (১,০৭৫) আৰু হাৰিয়ানা (৭১৯) ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ ৪৩ জনৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত কেৰালা আৰু ৰাজধানীত নজন, কর্নাটকত চাৰিজন, ৰাজস্থান, গুজৰাটত তিনিজন, মহাৰাষ্ট্র, পশ্চিমবংগ, ছত্তীছগঢ়, মেঘালয় আৰু উত্তৰাখণ্ডত দুজন কৰ’নাত আক্রান্ত হৈ মৃত্যু হৈছে ।

উত্তৰ প্রদেশ, ওড়িছা, পঞ্জাৱ, ছিকিম আৰু হিমাচল প্রদেশত এজনকৈ লোকৰ মৃত্যু হৈছে । শনিবাৰে এই সংখ্যা আছিল ৩৬ । দেশত এই পর্যন্ত পাঁচ লাখ ২৯ হেজাৰ ৮৯৫ জন লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ।

পৰিসংখ্যা অনুযায়ী, যোৱা ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ কমি ৩.৭৫ শতাংশ হৈছে । শনিবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ৪.২১ শতাংশ । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ১২,৭৮৩ জন লোক সুস্থ হৈছে ।

দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩৭ লাখ ১২ হেজাৰ ২১৮ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৫৯ শতাংশ । এই পর্যন্ত দেশত ২০৯ কোটি ৬৭ লাখ ছয় হেজাৰ ৮৯৫ টিকাকৰণ হৈছে ।

Exit mobile version