মহাৰাষ্ট্ৰৰ বহু চৰ্চিত ১,০৩৪ কোটি টকাৰ পাত্ৰ চাওল ভূমি কেলেংকাৰী সম্পৰ্কীয় মানি লণ্ডাৰিংপ্ৰতিৰোধৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰা বহুবল্কী শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটৰ জিন্মা পুনৰ কৰা হ’ল বৃদ্ধি ৷ আদালতে ন্যায়িক জিম্মা বৃদ্ধি কৰিলে ৫ ছেপ্টেম্বৰলৈ ৷ ৰাউটৰ ন্যায়িক জিন্মা আজিলৈকে আছিল যদিও আদালতে প্ৰাথমিক শুনানিৰ অন্তত ৰাউতৰ ন্যায়িক জিন্মা পুনৰ ৫ ছেপ্তেম্বৰলৈ বৃদ্ধি কৰে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাউটক একেটা গোচৰত ৪ছেপ্তেম্বৰলৈ ই ডিৰ জিন্মালৈ প্ৰেৰণ কৰা হৈছিল ৷ কিন্ত আন এটা গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰাত ইডিয়ে সাংসদ গৰাকীক বিশেষ সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰায়
উল্লেখযোগ্য যে, শিৱসেনাৰ ৰাজ্যসভাৰ সাংসদজনৰ বাসগৃহত ৩১জুলাইত ইডিৰ এটা বিশেষ টিমে কেবাঘণ্টা তালাচী চলায় ৷ একেদৰে সাংসদজনক কেইবাঘণ্টা ধৰি জোৰা সোধপোছ কৰে ৷ ১ আগষ্ট তেওঁক গ্ৰেপ্তাৰ কৰি মুম্বাইৰ ইডিৰ কাৰ্য্যলয়লৈ লৈ অনা হয় ৷
ইডিয়ে গ্ৰেপ্তাৰ কৰা শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটৰ ন্যায়িক জিম্মা বৃদ্ধি ৫ ছেপ্টেম্বৰলৈ
