ক্ষেত্ৰীৰ পৰা সন্ধানহীন কিশোৰৰ সন্ধান ওলাল কাশ্মীৰত

Assam Police

আঢ়ৈমাহ পূৰ্বে সন্ধানহীন হৈ থকা গুৱাহাটীৰ ক্ষেত্ৰী কিশোৰ এজনৰ অৱশেষত সন্ধান ওলাল জম্মু-কাশ্মীৰত ৷ কিশোৰ জনে নিজেই এই কথা সদৰি কৰিছে পৰিয়ালৰ লোকক ৷ পিছত ফোনকলৰ পমখেদি ক্ষেত্ৰী আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক প্ৰশান্ত গোস্বামী আৰু কনিষ্ঠবল জীৱনজ্যোতি নাথে জম্মু কাশ্মীৰত উপস্থিত হৈ স্থানীয় আৰক্ষীৰ সহযোগত শ্ৰীনগৰৰ নগ্ৰাম পৰা উদ্ধাৰ কৰে নিৰুদ্দেশ হোৱা কিশোৰজনক ৷ উল্লেখ্য ক্ষেত্ৰীৰ বেঙেনাবাৰীৰ মনেশ্বৰ ডেকা আৰু দীপালি ডেকাৰ একমাত্ৰ পুত্ৰজন ১১জুনত মেট্ৰিক পৰীক্ষাৰ ফলাফলত অনুত্তীৰ্ণ হোৱাত সেইদিনাই সন্ধিয়াৰ পৰা নিখোজ হয় ৷ বহু বিচাৰ-খোজাৰ পিচতো কোনো সন্ধান নোহোৱাত ১২ জুনত পৰিয়ালৰ লোকে ক্ষেত্ৰী থানাত এজাহাৰ দিয়ে ৷ ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত অব্যাহত থকাৰ মাজতে শুক্ৰবাৰে স্বয়ং কিশোৰজনে নিজেই ঘৰলৈ ফোন কৰি কাশ্মীৰত থকাৰ কথা অৱগত কৰে ৷ ইয়াৰ পিছতে ক্ষেত্ৰী থানাৰ সহকাৰী উপ-পৰিদৰ্শক আৰু কণিষ্ঠবলৰ টিম এটাই কাশ্মীৰত উপস্থিত হৈ দেওবাৰে শ্ৰীনগৰৰ নগ্ৰাম অঞ্চলৰ পৰা উদ্ধাৰ কৰে৷ আজি কিশোৰজনক ক্ষেত্ৰীৰ পৰিয়ালৰ হাতত চমজাই দিয়ে আৰক্ষীয়ে ৷

আৰক্ষীক কিশোৰজনে জনোৱা মতে অচিনাক্ত ব্যক্তি এজনে ফুচুলাই মেলি শ্ৰীনগৰলৈ নি বনকৰা ল’ৰা হিচাপে নিয়োগ কৰিছিল ৷ পিছত অসমলৈ আহিব বিচাৰিলে নানান ভয় ভাবুকি দিয়াৰ কথা কয় কিশোৰজনে ৷ আনহাতে কিশোৰটিক উদ্ধাৰৰ ক্ষেত্ৰত ক্ষেত্ৰী আৰক্ষীৰ তৎপৰতাক ৰাইজে শলাগ লয় ৷

Exit mobile version