দৰঙৰ খাৰুপেটীয়াৰ পত্নী হত্যাকাৰী ফুলমামুদ ওৰফে বাবুক আৰক্ষীয়ে আজি জেললৈ প্ৰেৰণ কৰে ৷ কালিৰ পৰা খাৰুপেটীয়া থানাৰ আৰক্ষীয়ে বাবুক চলোৱা জেৰাত আৰু আজি সাংবাদিকৰ আগত পত্নী ৰহিমা খাতুনক কুঠাৰেৰে নিৰ্মমভাবে হত্যা কৰিছে বুলি স্বীকাৰোক্তি দিয়ে ৷ লগতে পত্নী ৰহিমা গৰ্ভৱতী নাছিল বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ কি কাৰণত পত্নীক হত্যা কৰা হল বুলি শোধা এক প্ৰশ্নৰ উত্তৰত হত্যাকাৰী স্বামীয়ে নিজকে বচাবলৈ নিশা পত্নীক অন্য যুৱকৰে বিচনাত দেখা পাই কুঠাৰেৰে হত্যা কৰিছে বুলি মিছা অভিযোগ উত্থাপন কৰে ৷ ৰহিমাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বাবুৰ বিৰুদ্ধে ২১০/২২ নম্বৰত আৰু ৩০২/৩৪ ধাৰত গোচৰ এটা পঞ্জীয়ন কৰি আজি জেইল হাজোতলৈ প্ৰেৰণ কৰে ৷
পত্নী হত্যাকাৰীক জেললৈ প্ৰেৰণ আৰক্ষীৰ
-
By publisher

- Categories: Assam, Crime, News
- Tags: Dorong Murder
Related Content
ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক
By
publisher
March 11, 2026
Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
By
publisher
March 11, 2026
আকস্মিক জটিল সংকট!
By
publisher
March 11, 2026
যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ
By
publisher
March 11, 2026
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026